নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত গুৰুজনাৰ তিৰোভাৱ তিথি পালন

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়া ৰাইজে পালন কৰিছে। প্ৰতি গাঁৱৰ নামঘৰে নামঘৰে গাওঁবাসীয়ে সেৱা লৈছে গুৰুজনাৰ চৰণত। সমান্তৰালকৈ ৰাজ্যখনৰ অন্যতম পৱিত্ৰ তথা মহাপুৰুষজনাৰ জন্মস্থান লেটেকু পুখুৰীতো গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষ্যে পুৱাৰে পৰা দিনযোৰা কাৰ্যসুচীৰে আৰম্ভ হৈছে নাম কীৰ্তন।সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা অনুসৰি মহাপুৰুষ গুৰুজনাৰ  জন্মস্থান লেতেকুপুখুৰীত পালন কৰা হৈছে আহিছে তিৰোভাৱ তিথি ৷ পুৱাৰ পৰা নাম কীৰ্তন গুৰুবাদ্য প্ৰদৰ্শন আৰু আয়তী নাম আদিৰে দিনজোৰা কাৰ্যসুচীৰে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি ভাগ৷ দুপৰীয়া জন্মস্থানৰ সমীপৱৰ্তী প্ৰায় ২০খন গাৱঁৰ মহিলাসকলৰ দ্বাৰা গঠিত সমূহীয়া নাম কীৰ্তন, অংকীয়া নাট ভাওনা প্ৰদৰ্শন কৰা হয়। সন্ধিয়া গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৪২৬ গছি বন্তি প্ৰজ্বলনেৰে আজিৰ দিনটোৰ সামৰণি পৰে। পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখিপৰিচালনা সমিতিৰ সম্পাদক মুহিৰাম শইকীয়াই আজিৰ দিনটো উলহ মালহৰে উদযাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে। সম্পাদকগৰাকী লগতে থান পৰিচালনা সমিতিৰ, সকলো বিষয়ববীয়াৰ লগতে বহুসংখ্যক ভকত বৈষ্ণৱেৰে দ্বিতীয় বৈকুণ্ঠপুৰীসদৃশ পৰিৱেশ সৃষ্টি কৰে থানখনত।।
প্ৰেৰক চন্দন শইকীয়া
You might also like