নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাংহিনৰ শিক্ষক নিৰুদ্দেশঃ ১৬ দিনৰ পিছতো সন্ধান উলিওৱাত ব্যৰ্থ ডকমকা-ছামেলাংছ আৰক্ষী

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিন নগৰৰ  বাসিন্দা তথা ছামেলাংছৰ  ৰং আৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক মনেশ্বৰ কলিতাৰ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। যোৱা 30 আগষ্টৰ পুৱা আঠ বজাত নিজৰ মটৰ চাইকেলখনেৰে লাংহিনৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যায় শিক্ষক মনেশ্বৰ কলিতাই সময়ত বিদ্যালয়  গৈ নেপাই আৰু বিয়লি নিজৰ গৃহও আহি নোপোৱাত হুৱা দুৱাৰ সৃষ্টি হয় ৷ পিছত ছামেলাংছ থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে । 31 আগষ্টৰ বিয়লি ছামেলাংছৰ  ৰাৱনঘাটত  শিক্ষক জনৰ মটৰ চাইকেলখন উদ্ধাৰ কৰে আৰক্ষীয়ে। পত্নী পলী গগৈ আৰু পৰিয়ালবৰ্গই কলিতাক সুস্থ শৰীৰে ঘুৰাই পোৱাৰ কাতৰ আহ্বান জনাইছে ৷ নিৰুদ্দেশ হোৱাৰ ১৬ দিন উকলি আজিও সন্ধান লাভ নকৰাত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। জিলা খনৰ বিভিন্ন দল সংগঠনে মুক্তি দাবী কৰে।সন্ধান উলিওৱাত ব্যৰ্থ ডকমকা আৰু ছামেলাংছ আৰক্ষী।।।
প্ৰেৰক ছাইদুল হক চৌধুৰী
You might also like