নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো পাৰেভিঠাত এজোৰ পাৱাৰ কোম্পানীৰ দ্বাৰা দক্ষতা বিকাশৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: এজোৰ পাৱাৰ কোম্পানীৰ সৌৰ প্ৰকল্পৰ অৰ্থ সাহাৰ্য্যত কামৰূপ জিলাৰ বকোৰ পাৰেভিঠা যুৱক সংঘৰ উদ্যোগত অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মাজত অনুষ্ঠিত কৰে ভিন্ন প্ৰকাৰৰ দক্ষতা বিকাশৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালা। প্ৰাপ্ত তথ্য অনুসৰি Azure power কোম্পানীৰ সৌৰ প্ৰকল্পৰ সহযোগত নিবনুৱা শিক্ষিত যুবক – যুৱতী সকলৰ বাবে আয়োজন কৰা হয় বিনামূলীয়া ছয়মহীয়া স্কীল ডেভেলপমেনটৰ প্ৰশিক্ষণ কৰ্মশালা। কৰ্মশালাত অভিজ্ঞ সমল ব্যক্তিৰ জৰিয়তে বিউটি পাৰ্লাৰ আৰু টেইলৰিং বিষয়ত ৫০ গৰাকী শিক্ষিত নিবনুৱা ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইফালে আজি এই প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠান আয়োজন কৰে। উল্লেখ্য যে ; দক্ষতা বিকাশৰ প্ৰশিক্ষকৰ দাৰা ছয়মহীয়া প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীৰ মাজত পৰীক্ষা অনুস্থিত কৰা হয় আৰু পৰীক্ষাত উত্তীৰ্ণ প্ৰশিক্ষৰ্থী সকলোক সামৰণি অনুস্থানত প্ৰমান পত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং শায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী। লগতে সামৰণি আনুস্থানত উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলোক স্বাৱলম্বী হবলৈ অনুৰোধ কৰে স্বৰ্গীয়াৰীয়ে। আনহাতে সৌৰ প্ৰকল্পৰ জৰিয়তে আগন্তক দিনত বিভিন্ন বিষয়ৰ স্কীল ডেভেলপমেনটৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনায়। ইফালে এজোৰ পাৱাৰ কোম্পানীৰ দ্বাৰা আয়োজিত বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকল অধিক উপকৃত হোৱা বুলি জনায় প্ৰশিক্ষাৰ্থী সকলে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like