নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনদৰদী ৰাজনীতি বনাম অর্থনৈতিক জটিলতা

দেশত আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ পিছত অর্থনৈতিক পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাটো চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে৷ কেৱল ভাৰতেই নহয়, বিশ্বৰ অধিকাংশ দেশৰে চৰকাৰৰ সন্মুখত আহি পৰিছে এই প্রত্যাহ্বান৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত বিশ্বৰ লক্ষাধিক লোকৰ মৃত্যুৱে এই ঘাতক মহামাৰীৰ ভয়ংকৰ ৰূপটোকে প্রতীয়মান কৰে৷ কিন্তু মানুহৰ আর্থিক অৱস্থাত এই মহামাৰীৰ প্রভাৱো যে সুদূৰপ্রসাৰী হ’ব আৰু আন কেইবাবছৰলৈ প্রতিখন দেশেই ক’ৰোনাসৃষ্ট অর্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বছৰৰ পিছত বছৰ যুঁজ দি যাব লাগিব, সেয়া নিশ্চিত৷ ভাৰতৰ দৰে বিশাল জনসংখ্যা আৰু দৰিদ্রৰ উচ্চ হাৰৰ এখন দেশৰ ক্ষেত্রত বর্তমানৰ অর্থনৈতিক পৰিস্থিতি অতিমাত্রাই চিন্তাজনক৷

এয়া এনে এক জটিল, যি সময়ত চৰকাৰে এটাও ভুল অর্থনৈতিক পদক্ষেপ গ্রহণৰ সামান্যতম অৱকাশো থাকিব নোৱাৰে৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ পৰিপ্রেক্ষিতত ভাৰতত কেইবাকোটি লোক কর্মহীন হৈ পৰিছে৷ মার্চত লকডাউন ঘোষণা কৰাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিৰ সামান্য উন্নতি ঘটিলেও কর্মহীনতাক লৈ নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে৷ পর্যটন, পৰিবহণ, অসামৰিক বিমান সেৱা, নির্মাণ খণ্ডকে ধৰি বেছিভাগ খণ্ডতে ক’ৰোনা মহামাৰীৰ প্রভাৱ সুদূৰপ্রসাৰী হোৱাটো নিশ্চিত হৈ পৰিছে৷

ইয়াৰ সমান্তৰালভাৱে ক্ষুদ্র ব্যৱসায়ত সৃষ্টি হোৱা জটিলতাই গোটেই পৰিস্থিতিটো অধিক উদ্বেগজনক কৰি তুলিছে৷ তদুপৰি গ্রাম্য অর্থনীতিৰ সন্মুখতো আহি পৰিছে প্রত্যাহ্বান৷ স্বাভাৱিকতে এনে এক স্পর্শকাতৰ সময়ত সকলো চৰকাৰী সকাহৰ বাবে প্রত্যাশাৰে অপেক্ষা কৰাটো স্বাভাৱিক৷ নিজৰ বাণিজ্যিক সংকটৰ পৰা ৰক্ষা পাবলৈ এজন প্রতিষ্ঠিত উদ্যোগপতিয়ে চৰকাৰী ৰেহাইৰ আশা কৰাৰ দৰেই এজন সাধাৰণ কৃষক বা বনুৱায়ো নিত্য প্রয়োজনীয় সামগ্রীৰ আকাশলংঘী মূল্যৰ এই সময়খিনিত চৰকাৰৰ সময়োচিত পদক্ষেপলৈ অপেক্ষা কৰাটো স্বাভাৱিক৷ এনে এক সন্ধিক্ষণত ৰাজনীতি আৰু অর্থনীতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰি দৃঢ় পদক্ষেপ গ্রহণ কৰাটো এখন নির্বাচিত চৰকাৰৰ বাবে অতি কঠিন কাম হৈ পৰিব পাৰে৷

বিশেষকৈ নির্বাচনৰ বতৰত ৰাজনৈতিক স্বার্থতে এখন চৰকাৰে ভুল অর্থনৈতিক সিদ্ধান্ত লোৱাৰ আশংকা বৃদ্ধি পায়৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত থকাৰ সময়তে শাসক–বিৰোধী উভয়েই নির্বাচনী ৰাজনীতিৰ কুচকাৱাজ ক্রমান্বয়ে তীব্রতৰ কৰি তুলিছে৷ অহা বছৰ পর্যন্ত কেইবাখনো ৰাজ্যৰ বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিততে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে৷ সেয়ে এই সময়খিনিত চৰকাৰৰ জনদৰদী ৰাজনীতিয়ে প্রাধান্য লাভ কৰাটো স্বাভাৱিক৷

কাৰণ বিৰোধীয়ে অর্থনৈতিক সংকটৰ বাবে চৰকাৰক দোষাৰোপ কৰাৰ সুযোগ গ্রহণ কৰাৰ সময়তে শাসকীয় পক্ষই ভোটাৰৰ অসন্তুষ্টি দূৰ কৰিবলৈ জনদৰদী ৰাজনীতিক প্রাধান্য দিয়াৰ প্রৱণতাত ভুগিব পাৰে৷ চৰকাৰে যদি এই সময়ত ৰাজনৈতিক আৰু অর্থনৈতিক স্বার্থৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত ব্যর্থ হৈ কেৱল নির্বাচনী ৰাজনীতিত প্রাধান্য দিয়ে, তেন্তে দেশৰ দীর্ঘম্যাদী অর্থনীতিৰ সন্মুখত ডাঙৰ বিপদ থিয় হ’ব পাৰে৷

ইতিমধ্যে অর্থনৈতিক বিশ্লেষক সংস্থা জে পি মৰগানে এই দিশটোৰ ওপৰত আলোকপাত কৰি সতর্কবাণী প্রেৰণ কৰিছে৷ চৰকাৰৰ অত্যধিক জনদৰদী আঁচনিয়ে বজাৰত প্রভাৱ পেলাব বুলি আশংকা প্রকাশ কৰি জে পি মৰগানে আঙুলিয়াই দিছে সাম্প্রতিক অর্থনৈতিক পৰিস্থিতিত বিনামূলীয়া আঁচনিসমূহে সাধাৰণ জনতাক আশ্বস্ত কৰিলেও বিনিয়োগকাৰীক নিৰাশ কৰিব পাৰে, যাৰ ফলত দেশৰ অর্থনীতিৰ পুনৰুত্থানৰ প্রক্রিয়ালৈ জটিলতা নামি আহি পৰিব পাৰে৷

You might also like