নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত ধন নাপাই হাস্পতালত পেলাই থ’লে ক’ভিডত মৃতকৰ দেহ

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ দীর্ঘদিন দুৰাৰোগ্য ৰোগত আক্রান্ত মঙলদৈ বেজপাৰাৰ এগৰাকী লোকৰ হঠাৎ ক’ভিডত মৃত্যু হোৱাৰ পিছত শৱদেহ সৎকাৰক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় মঙলদৈত৷ আনকি নিশাৰ সমগ্র পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ মঙলদৈ থানাৰ আৰক্ষী মোতায়েন কৰাৰ পিছত অতিৰিক্ত উপায়ুক্তৰ হস্তক্ষেপতহে ৫ ঘণ্টীয়া উত্তেজনাময় পৰিস্থিতিৰ যৱনিকা পৰে৷ আজি দিনৰ ভাগত ক’ভিডত আক্রান্ত লোকজনৰ সৎকাৰ সুকলমে সম্পূর্ণ হয়৷ লক্ষণীয় যে মঙলদৈ মেনাপাৰা বেজপাৰাৰ আৰক্ষীত কর্মৰত তপেশ্বৰ চহৰীয়া নামৰ লোকজনক কালি স্বাস্থ্যৰ অৱনতি ঘটাত পোনতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল৷

চিকিৎসকে যাৱতীয় পৰীক্ষাৰ পিছত জটিল স্বাস্থ্যৰ লগতে শৰীৰত ক’ভিড ধৰা পৰাত জিএমচিএইচলৈ প্রেৰণৰ দিহা কৰে৷ পৰিয়ালেও চহৰীয়াক গুৱাহাটীলৈ লৈ যায়৷ কিন্তু আদবাটতে মৃত্যুবৰণ কৰাত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আবেলি প্রায় ৩.৩০ বজাত মঙলদৈ চিভিলৰ মর্গলৈ নিয়াৰ যো–জা কৰে৷ কিন্তু মর্গলৈ নিবলৈ হৰিজনৰ অভাৱ হোৱাৰ লগতে আবেলি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকৰ অভাৱ হোৱাত নতুন সংকটৰ উদ্ভৱ হয়৷ মর্গলৈ নিয়াৰ পৰা সৎকাৰলৈ সকলো কৰিবৰ বাবে হৰিজনে ২৬ হাজাৰ টকা দাবী কৰাৰ অভিযোগ দিয়ে পৰিয়ালে৷ পৰিয়ালে এনেদৰে ধন দাবীৰ বিষয়টো উচ্চ পর্যায়লৈ নিয়াৰ যো–জা কৰোঁতেই মৃত লোকজনৰ পৰিয়ালে ১২ হাজাৰ টকাত বন্দৱস্ত কৰা বুলিও সেই সময়ত অভিযোগ কৰে৷ ধন নাপাই মৃতদেহটো অসামৰিক চিকিৎসালয়খনতে পেলাই থৈ ছাফাই কর্মীৰ দলটো আঁতৰি যায়৷ ইপিনে, কভিড ৰোগত মৃত্যুহোৱা লোকক প্রশাসনেই বিনামূলীয়াকৈ সৎকাৰৰ দিহা কৰাৰ বিষয়টো উত্থাপন কৰি চিকিৎসালয়খনৰ জৰুৰী কক্ষৰ সমুখতে কেইবাজনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হয়৷ সেই সময়ত অভিযোগ কৰি পৰিয়ালৰ লোকে কয় যে প্রায় ৫ ঘণ্টা ধৰি চিকিৎসালয়ৰ বাহিৰত উন্মুক্ত অৱস্থাত কেনেকৈ পৰি থাকিল ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকজনৰ মৃতদেহ৷ মঙলদৈ বেজপাৰাৰ প্রাক্তন আৰক্ষী বিষয়া তপেশ্বৰ চহৰীয়া (৬০) চিকিৎসালয়ত উন্মুক্ত অৱস্থাত ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ লগত প্রশাসনৰ কোনো লোক কিয় উপস্থিত নাথাকিল ইত্যাদি ইত্যাদি৷

পিছলৈ এনেবোৰ প্রশ্ণ অৱতাৰণা কৰাৰ সময়ত জিলা প্রশাসনৰ ফালৰ পৰা বিনামূলীয়াকৈ সৎকাৰ কৰা হ’ব বুলি জনোৱা হয় আৰু মৰণোত্তৰ পৰীক্ষাও বিধিমতে আজি সম্পন্ন হ’ব বুলি কোৱাত পৰিৱেশ শান্ত হয়৷ আনহাতে এক বিপজ্জনক দৃশ্যও নিশা প্রত্যক্ষ কৰা হয় চিকিৎসালয়ত৷ বিশেষকৈ ক’ৰোনা প্রতিৰোধৰ বাবে যিবোৰ বাধা–নিষেধ আৰোপ কৰা হয়, সেইবোৰ উলংঘা হয় মঙলদৈত৷ মৃতদেহৰ ওচৰ চপাত বাধা দি সংক্রমণ প্রতিৰোধৰ চেষ্টা কৰা হয় যদিও শোকাভিভূত মহিলাক শৱৰ ওপৰত পৰি চকুপানী টোকাহে পৰিলক্ষিত হয়৷ একেদৰে শৱৰ ওচৰত যোৱা প্রায়ভাগৰ মাস্ক নাছিল মুখত৷ এনেবোৰ সাৱধানতা নোহোৱাৰ বাবে আন কেইবাজনো সংক্রমিত হ’ব পাৰে নেকি, সেয়াই চিন্তনীয় বিষয় হৈ পৰিছে৷

You might also like