নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ অপৰাধী চক্রই লুটিলে নাৰেংগীৰ ব্যৱসায়ীৰ ধন

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  লকডাউনৰ সময়তো চাইবাৰ অপৰাধী চক্রই নতুন নতুন কৌশলেৰে ধন লুট কৰাৰ কার্য অব্যাহত ৰাখিছে৷ গুগল পে’ তথা অনলাইন পে’ৰ জৰিয়তে বিভিন্ন লোকৰ সঞ্চিত ধন মুহূর্ততে অন্তর্ধান কৰা কার্য সর্বজনবিদিত৷ কিন্তু শেহতীয়াকৈ ম’বাইল ৰিচার্জ ব্যৱসায়ীক টার্গেট কৰি লৈছে চাইবাৰ অপৰাধী চক্রই৷ এই চক্রৰ পাকত পৰি বিগতকেইদিনত মহানগৰীৰ কেইবাজন ম’বাইল ৰিচার্জ ব্যৱসায়ীয়ে হাজাৰ হাজাৰ টকা হেৰুৱাব লগা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, বিগতকেইদিনত খানাপাৰা, ছয়মাইল, নাৰেংগী আদি অঞ্চলৰ একাধিক ব্যৱসায়ীৰ ম’বাইলৰ পৰা বহু হাজাৰ টকা লুট কৰি নিয়াৰ পিছত মহানগৰীৰ পার্শ্বৱর্তী অঞ্চলৰ এজন ব্যৱসায়ীৰ লাপু ম’বাইলৰ পৰা তিনি হাজাৰ টকা লুট কৰি নিয়ে অপৰাধী চক্রটোৱে৷ ভুক্তভোগী ব্যৱসায়ীজনে চক্রটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ আজি পুৱা প্রায় ৮.৫০ বজাত ৭৩৬৭০–২৯৮৯৬ নম্বৰৰ পৰা এটা ফোনকল আহে ব্যৱসায়ীগৰাকীৰ লাপু তথা ৰিচার্জ কৰা ম’বাইললৈ৷ এয়াৰটেল কার্যালয়ৰ পৰা কল কৰা বুলি পৰিচয় দি ব্যৱসায়ীজনৰ দোকানৰ নামত এখন এলইডিযুক্ত ছাইনবোর্ড অহা বুলি উল্লেখ কৰি লাপু ম’বাইলত এটা অ’টিপি পাছৱর্ড যোৱা বুলি কৈ সেই নম্বৰটো দিবলৈ কয়৷ ব্যৱসায়ীজনেও আগপিছ নাভাবি নম্বৰটো দি দিয়ে৷ তাৰ পিছত পুনৰ আন দুটা মেছেজযোগে অহা নম্বৰ দিয়াৰ পিছতে তাৎক্ষণিকভাৱে ৰিচার্জ ম’বাইলৰ পৰা তিনিবাৰত প্রায় ২৭০০ টকা উলিয়াই নিয়ে৷ ইফালে লাপু নম্বৰটো কেনেদৰে বাহিৰা চক্রৰ হাতত পৰিল, তাক লৈ প্রশ্ণ উত্থাপন কৰি এই চক্রটোৰ লগতে সংশ্লিষ্ট কোম্পানীটোৰ কোনো লোক জড়িত থকাৰ সন্দেহ কৰিছে ভুক্তভোগী ব্যৱসায়ীসকলে৷ উল্লেখ্য যে ৰিচার্জ ম’বাইলৰ পৰা এনেদৰে ধন উলিয়াই নিয়া কার্য মহানগৰীত নতুন ঘটনাই নহয় এক সম্পূর্ণ নতুন কৌশল৷ গতিকে ম’বাইল আৰু টিভি ৰিচার্জ কৰা ব্যৱসায়ীসকল সাৱধান, কোনো ছলাহী কথাত ভোল গৈ অ’টিপি শ্বেয়াৰ নকৰিব৷ শ্বেয়াৰ কৰিলেই হেৰুৱাব লাগিব আপোনাৰ ম’বাইলৰ সমস্ত ধন৷

You might also like