নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা সাংবাদিক মানস প্ৰতিম গগৈক মাৰ্ঘেৰিটা মাকুম পথাৰ যুৱ সংঘৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: মাকুম পথাৰ যুৱ সংঘৰ উদ্যোগত আজি মাৰ্ঘেৰিটাৰ মহকুমাৰ যুৱ সাংবাদিক মানস প্ৰতিম গগৈক আজি সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰায় ১১ বছৰে সংবাদসেৱাৰে সমাজক সেৱা আগবঢ়াই অহাৰ চিহ্ন স্বৰূপে যুৱ সাংবাদিক মানস প্ৰতিম গগৈৰ মাৰ্ঘেৰিটা ১নং মাকুম পথাৰস্থিত বাসগৃহত উপস্থিত হৈ সংগঠনটোৱে এই সন্মান জনায়।

মাৰ্ঘেৰিটা মাকুম পথাৰ যুৱ সংঘৰ সভাপতি ৰিক্কি শৰ্মা আৰু সম্পাদক ৰিদিপ ৰাজখোৱাৰ নেতৃত্ব অহা দলটোৱে সাংবাদিক মানস প্ৰতিমক এখন ফুলাম গামোচা, এটা ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰৰে এই সন্মান প্ৰৰ্দশন কৰে। সংগঠনটোৰ সভাপতি ৰিক্কি শৰ্মাই কয় যে গনতন্ত্ৰৰ চৰ্থস্তম্ভ স্বৰূপ সংবাদ মাধ্যমৰ এজন সক্ৰীয় সাংবাদিক হিচাপে মানস প্ৰতিম গগৈয়ে বিভিন্ন সময় বিভিন্ন ঘাটপ্ৰতি ঘাতৰ মাজেৰে সংবাদসেৱা আগবঢ়াই আহিছে। সেইয়ে তেখেতক উৎসাহিত কৰাৰ লগতে অনাগত দিনত অধিক সংক্ৰিয় ভাৱে সংবাদ সেৱাৰে সমাজত সেৱা আগবঢ়াই যাব পাৰে তাকেই কামনা কৰিছে।

উল্লেখ যে মাৰ্ঘেৰিটা মাকুম পথাৰ যুৱ সংঘই অঞ্চলটোত সময়ে সময়ে সামাজিক, সাংস্কৃতিক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে বিভিন্ন সমাজ সচেন ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে। সাংবাদিক মানস প্ৰতিম গগৈয়ে সম্বৰ্ধনা গ্ৰহন কৰি কয় যে তেখেতক আজি জনোৱা সন্মান কেৱল তেখেতক জনোৱা সন্মানে নহয় এইয়া সমগ্ৰ সাংবাদিক সমাজক জনোঁ‌ৱা সন্মান। এই সন্মানে অধিক দায়িত্বশীল কৰিলে বুলি গগৈয়ে মন্তব্য প্ৰকাশ কৰে।

You might also like