নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰতিবাদঃ ‘সুস্থভাৱে পৰীক্ষা দিয়াৰ সুস্থিৰ পৰিবেশ গঢ়ি তোলক চৰকাৰে’

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ একাধিক বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ফলত ছেবাই দুবাৰকৈ পৰীক্ষা বাতিল কৰাৰ লগতে পৰীক্ষা পিছুৱাব লগীয়া হোৱাত সবাতোকৈ সমস্যাৰ সন্মুখীন হৈছে পৰীক্ষাৰ্থীসকল । পৰীক্ষাৰ্থীসকল পৰীক্ষাৰ বাবে মানসিকভাৱে সাজু হোৱাৰ সময়তে বাৰে বাৰে পৰীক্ষা পিছুৱাবলগীয়া হৈছে । ফলত স্বাভাৱিকতে অতিষ্ঠ হৈ পৰিছে পৰীক্ষাৰ্থীসকল । আজি মৰিয়নিত তেনে একাংশ অতিষ্ঠ পৰীক্ষাৰ্থী ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয় । আজি দুপৰীয়া মৰিয়নিৰ কেইবাখনো শিক্ষানুষ্ঠানৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰায় দুই শতাধিক পৰীক্ষাৰ্থীয়ে মৰিয়নিৰ থানা তিনি আলিত ভীৰ কৰেহি । তেওঁলোকে প্ৰথমে সমদল কৰি পৰীক্ষা ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বিচাৰে যদিও পিছত থানা তিনি আলিত সমবেত হৈ বিভিন্ন শ্ল’গান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে । লক্ষণীয় যে, এই পৰীক্ষাৰ্থীসকলক কোনেও নেতৃত্ব দিয়া নাছিল । তেওঁলোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল । মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই পিছত তেওঁলোকক সমৰ্থন জনায় । ইফালে আজি অসমীয়া বিষয়ৰ পৰীক্ষা আছিল যদিও শেহতীয়াকৈ ছেবাই এই পৰীক্ষা বাতিল কৰি অহা ১ এপ্ৰিলত এই বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষনা কৰিছে । ফলত পৰীক্ষাৰ পৰিৱৰ্তে প্ৰতিবাদ কৰিবলৈ সেইসকল পৰীক্ষাৰ্থীয়েই আজি ওলাই আহিল ৰাজপথলৈ । পিছত ক্ষোভিত পৰীক্ষাৰ্থী সকলে ছেবা, শিক্ষামন্ত্ৰীৰ লগতে চৰকাৰ বিৰোধী শ্ল’গান দি সমদল কৰি নগৰ পৰিভ্ৰমন কৰে । অৱশ্যে মৰিয়নিৰ প্ৰধান ডাকঘৰৰ সমীপত মৰিয়নিৰ আৰক্ষীয়ে প্ৰতিবাদী পৰীক্ষাৰ্থীসকলক বাধা প্ৰদান কৰে । মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুনীন চুতীয়াই প্ৰতিবাদী সমদলকাৰীসকলক তাৰ পৰা উভাতাই আনে । কিন্তু প্ৰতিবাদী পৰীক্ষাৰ্থীসকলে বাপুজী ষ্টেডিয়ামৰ সমীপত সমবেত হৈ ছেবাৰ এনে দায়িত্বজ্ঞানহীন কাৰ্য্যক সমালোচনা কৰি ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনায় । সংবাদ মাধ্যমৰ আগত একাংশ পৰীক্ষাৰ্থীয়ে নিজৰ ক্ষোভ উজাৰি কয়- ছেবাৰ গাফিলতিৰ বাবেই বাৰে বাৰে প্ৰশ্ন কাকত লিক হৈ আহিছে । তাৰ পিছত পুনৰ এটা নতুন তাৰিখ নিৰ্দ্ধাৰণ কৰিয়েই দায়িত্ব শেষ কৰিছে তেওঁলোকে । কিন্তু আমি কিমান ভূগিম আৰু ? এতিয়া আমি পঢ়িব লাগে যদিও আমি পঢ়া বাদ ৰাজপথলৈ আহিবলগীয়া হৈছে । আমাৰ মৰ্মবেদনা কোনে বুজিব বুলি প্ৰশ্ন উত্থাপন কৰি ক্ষোভিত পৰীক্ষাৰ্থীসকলে কয়- বাৰে বাৰে পৰীক্ষা পিছুৱাৰ ফলত মানসিকভাৱে আমি ভাগি পৰিছোঁ‌ । পুনৰ নিৰ্দ্ধাৰণ কৰা তাৰিখত যে পৰীক্ষা হ’ব তাৰো কোনো নিশ্চয়তা নাই । আমাক সুস্থভাৱে পৰীক্ষা দিয়াৰ এক পৰিবেশ চৰকাৰে গঢ়ি তোলক । এইদৰে কয় পৰীক্ষাৰ্থীসকলে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল এইদৰে নিজৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই অহা ঘটনাই মৰিয়নিত আজি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰে ।

দিব্যজ্যোতি শইকীয়া

You might also like