নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰে জৰিত সোণাৰি চাপৰিত আটক অনিল পেগু

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চ: ৰাজ্য কপোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য জুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ঢকুৱাখনা ঘিলামৰাৰ একাংশ অভিভাৱক আৰু শিক্ষাৰ্থীৰ অন্য এক বিস্ফোৰক মন্তব্যই প্ৰতিক্ৰিয়া স্‌ষ্টি কৰিছে ৷

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত জালভাৰী গাঁৱৰ পুতু গগৈ নামৰ এজন যুৱকৰ নেতৃত্বত বিভিন্ন বিষয়ৰ প্ৰশ্ন কাকত মুকলি ভাৱে বিক্ৰী কৰাৰ তথ্যও পোহৰলৈ আহিছে।পেছাত ব্যৱসায়ীৰে জৰিত যুৱকজনে গণিত বিষয়ৰ পৰীক্ষাৰ পূৰ্বে একাংশ পৰীক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ অভিভাৱকক লগ কৰি একোখন প্ৰশ্ন কাকত যোগান ধৰা বুলিও অভিযোগ তুলি ইয়াৰ বিনিময়ত গগৈয়ে নগদ ৮০০ টকাৰ পৰা ১ হাজাৰ টকা পৰ্যন্ত দাবী কৰিছিল বুলিও সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছে একাংশ অভিভাৱক আৰু শিক্ষাৰ্থীয়ে। ঢকুৱাখনা মহকুমাৰ ঘিলামৰা জালভাৰী গাঁৱৰ এজন পৰীক্ষাৰ্থীৰ অভিভাৱক পিংকি গগৈয়ে ( আজি) শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে পিংকি গগৈৰ ঘৰলৈকো আহি পুতু গগৈয়ে ফাদিল হোৱা গণিত বিষয়ৰ প্ৰশ্ন কাকত বিক্ৰী কৰিবলৈ আহিছিল ষ্টাৰ নম্বৰ দিয়াবলৈ।” ঘিলামৰা অঞ্চলৰ বহু সংখ্যক পৰীক্ষাৰ্থীক যুৱকজনে গণিত, সমাজ বিজ্ঞান আদি ফাদিল হোৱা প্ৰশ্ন কাকত বিক্ৰী কৰি ধন অৰ্জন কৰিছিল বুলি জানিবলৈ দিয়ে যদিও বহু লোকে এনে সুবিধা গ্ৰহণ নকৰি প্ৰত্যাখ্যান কৰিছিল বুলিও জানিবলৈ দিয়ে অভিযোগকাৰী ।

কিন্তু লক্ষণীয় ভাবে অন্য বহু পৰীক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ গণিত, সমাজ বিজ্ঞান আদি বিষয়ৰ হাতে লিখা প্ৰশ্ন কাকত পুতু গগৈয়ে পৰীক্ষাৰ্থী ঘৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। গতিকে এতিয়া এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ঘোষণা কৰা CID তদন্তৰ আওতালৈ এই যুৱকজনকো আনিলে বহু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। ইপিনে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কঁঠালগুৰি গাঁৱৰ অমৰজ্যোতি পায়েং নামৰ আন এজন ব্যক্তিক প্ৰশ্ন কাকত ফাদিল ঘটনাৰ সন্দৰ্ভত জড়িত থকাৰ সন্দেহ কৰে। আৰু শনিবাৰে সোধা-পোচৰ বাবে আটক কৰি বিয়লি ধেমাজি জিলাৰ গোগামুখ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ।

You might also like