নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাতিপুৱা ১০ বজাত জিলা উপায়ুক্ত লীনা দাসৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয় । আজিৰ সভাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ উপস্থিতিত মৰিগাঁও জিলাৰ তিনিওটা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা খন প্ৰকাশ কৰা হয় ।

উল্লেখ্য যে চলিত বৰ্ষৰ ১ জানুৱাৰী তাৰিখটো ভিত্তি বৰ্ষ হিচাপে লৈ উক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে । ৰাইজে চাব পৰাকৈ জিলাখনৰ তিনিওটা সমষ্টিৰ নিৰ্বাচক পঞ্জীয়ন পদাধিকাৰীৰ কাৰ্যালয়ত এই চূড়ান্ত ভোটাৰ তালিকাখন ৰখা হৈছে ।

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মা, নিৰ্বাচনী বিষয়া  দীপময় ঠাকুৰীয়া প্ৰমুখ্যে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত আছিল ।

You might also like