নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই বিধানসভা সমষ্টিৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান লাইমেকুৰী আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ

অসমৰ আদৰ্শ বিদ্যালয়ত অসমীয়া বিষয় হব বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ বিদ্যালয় হৈছে জ্ঞান আৰু প্ৰজ্ঞাৰ মন্দিৰ। এই মন্তব্য অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। জোনাই বিধানসভা সমষ্টিৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আজি ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰী মাজুলীপুৰস্থিত আদৰ্শ বিদ্যালয় উদ্বোধন কৰি এখন ৰাজহুৱা সভাত উপস্থিত থাকি প্ৰভাৱশালী মন্ত্ৰী গৰাকীয়ে ভাষণত কয় কংগ্ৰেছৰ শেষৰটো কাৰ্যকালত তিনি বছৰ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত অসমৰ যিবিলাক অঞ্চল শৈক্ষিকভাবে পিছপৰা সেই অঞ্চল সমূহক শৈক্ষিক ভাবে পিছপৰা খণ্ড (ইবিবি) হিচাবে চিনাক্তকৰণ কৰি সেই খণ্ড সমূহত এখনকৈ আদৰ্শ বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিছিল তেতিয়া ভাৰত চৰকাৰে একোখন আদৰ্শ বিদ্যালয় নিৰ্মাণৰ বাবে তিনি কোটি বাষষ্ঠি লাখ টকা আৱন্টন দিয়ে যদিও অসমত বিদ্যালয় নিৰ্মাণৰ ভূমি যিহেতু পাহাৰীয়া অথবা খাল হোৱা বাবে ইয়াৰ প্ৰকল্প ব্যয় বৃদ্ধি পায়। সেই সময়তে বিশখন আদৰ্শ বিদ্যালয় নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নাবাৰ্দৰ পৰা পছিশ কোটি টকা ঋণ লোৱাৰ কথা উল্লেখ কৰি ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰাও এক কোটি সত্তৰ লাখ টকাৰ উপৰি বিদ্যালয়ৰ চৌহদ বেৰ নিৰ্মাণৰ বাবে তেৱন্ন লাখ টকা এই সমূহ বিদ্যালয়লৈ আৱন্টন দিয়া হৈছে বুলি বক্তব্য আগবঢ়ায়।

২০১১ চনৰ পৰা আৰম্ভ কৰা আদৰ্শ বিদ্যালয় সমূহ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শৈক্ষিক প্ৰতিযোগিতামূলক পৰিবেশ গঢ় দিয়াৰ লক্ষ্যৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ আওতাৰ বাহিৰত ৰাখি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে সংযোজিত কৰা হৈছে বুলি বক্তব্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত হোৱা আদৰ্শ বিদ্যালয় সমূহ ইংৰাজী মাধ্যমৰ যদিও অসমীয়া বিষয়টো বাধ্যতামূলক বুলিও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদক বহুতে অজানিতে বিদেশী শিক্ষা বৰ্ড বুলি অভিহিত কৰিব বিছাৰে কিন্তু ই সম্পূৰ্ণ ভাৰতীয় শিক্ষা বৰ্ড বা শিক্ষা পৰিষদ বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে পাঠ্যক্ৰম যুগুতাই সম্পূৰ্ণ ভাৰতীয় সভ্যতা,সংস্কৃতি,ইতিহাস আদিৰ ওপৰত বুলি গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰি পুনৰ কয় যে এই শিক্ষা ব্যৱস্থাৰ দ্বাৰা যিহেতু হিন্দী,অসমীয়া,ইংৰাজী ভাষা শিক্ষাৰ পৰিবেশ গঢ় দিয়ে সেয়ে সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ্থী সকলে কৰ্ম সংস্থাপন পোৱাত সুবিধা হয় বুলি বক্তব্যত কয়। ২০১১ চনতে জোনাইৰ লাইমেকুৰীৰ মাজুলীপুৰস্থিত আদৰ্শ বিদ্যালয়খন নিৰ্মাণ আৰম্ভ হৈছিল যদিও ২০১৪ চনত শিক্ষামন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰা অথবা আন বিভিন্ন কাৰণত এই বিদ্যালয়খন নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাৰ শিক্ষাৰম্ভ কৰিবলৈ সক্ষম হোৱা নাছিল বুলি কৈ পলমকৈ হ’লেও আজি উদ্বোধন কৰা আদৰ্শ বিদ্যালয়খন জোনাই বিধানসভা সমষ্টিৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান বুলি উল্লেখ কৰি নবোদয় বিদ্যালয়ত আসন সীমিত আৰু আন ঠাইলৈ গৈ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগা হয় বুলি কৈ কিন্তু শিক্ষাক জীৱন জীৱিকাৰ পথ হিচাপে বাছি ল’ব বিচৰা জোনাইৰ অতি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বাবে এই আদৰ্শ বিদ্যালয়ে সুবিধা কঢ়িয়াই আনিব বুলিও ভাষনত উল্লেখ কৰি আদৰ্শ বিদ্যালয় সমূহত শিক্ষকৰ আবাসিক ভৱন আৰু ছাত্ৰাবাস নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি কৈ এই ব্যৱস্থাৰ দ্বাৰা শিক্ষক সকলে বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ নিৰ্মাণত গুৰুত্ব দিবলৈ সুবিধা লাভ কৰিব আৰু অভিভাৱক সকলেও নিজৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ সৈতে সঘনাই সাক্ষাৎ লাভৰ সুবিধা পাব বুলি কৈ এনে পৰিস্থিতিৰ মাজত ঘৰুৱা আৰু আনুষ্ঠানিক শিক্ষাৰে শিক্ষাৰ্থী সকল উপকৃত হ’ব পাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই চমু ভাষনত কয় আদৰ্শ বিদ্যালয়খনত গুনগত মানদণ্ডৰ শিক্ষক নিযুক্তিকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিবলৈ চেষ্টা চলোৱা হব বুলি কৈ জোনাইৰ কেমিজেলমত চলিত শিক্ষাবৰ্ষৰ ভিতৰতে একলব্য বিদ্যালয় নিৰ্মাণৰ কাম হাতত লোৱা হব বুলি বক্তব্যত কয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভূবন পেগুয়ে বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনে জোনাইৰ উন্নয়নৰ বাবে বহু কাম হাতত লৈছে বুলি বক্তব্য দাঙি ধৰে। উল্লেখ্য যে ২০১১ চনৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে লাইমেকুৰী গাওঁ পঞ্চায়তৰ পুঁজিৰে বিদ্যালয়ৰ চৌহদৰ ভূমি উন্নয়ন,গছপুলি ৰোপণৰ কাম ৰূপায়ণ কৰি তোলা হৈছে আজি উদ্ধোধন কৰা আদৰ্শ বিদ্যালয়খন। লাইমেকুৰী মাজুলীপুৰস্থিত আদৰ্শ বিদ্যালয়ৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ বিদ্যুত দিহিঙ্গীয়াই আতঁধৰা আৰু ধেমাজি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ফটিক দলেই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষা বিভাগৰ প্ৰধান সচিব তথা অসম সৰ্বশিক্ষা মিচনৰ সঞ্চালক বি.কল্যাণ চক্ৰবৰ্তী,ধেমাজি জিলা মাধ্যমিক শিক্ষা বিষয়া কবিতা ডেকা,জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি, মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰেমনাথ দলে,লাইমেকুৰী গাওঁ পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলি প্ৰমুখ্যে কেবাজনো শিক্ষা বিষয়া,জনপ্ৰতিনিধি উপস্থিত থাকে।

You might also like