নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত পানীত পৰি মৃত্যু ছাত্ৰৰ 

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ মৰিগাঁও জিলাৰ দন্দুৰা  সাপমাৰীত আজি বিয়লি এজন ছাত্ৰ পানীত পৰি মৃত্যু হোৱা  ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকৰ চা বিয়পি পৰে ৷ জানিব পৰা মতে সাপমাৰী গাঁৱৰ  অমিয় কুমাৰ নাথ আৰু বীভা দেৱীৰ পুত্ৰ বিকাশ কুমাৰ নাথে(১৯) নিজৰ ঘৰৰে এটা পুখুৰীত হাঁহৰ   পোৱালি কেইটা  এৰি দি পুখুৰীৰ পাৰতে থকা অৱস্থাত হঠাৎ  অতি দ  পুখুৰীতোত পৰে ছাত্র জন ৷ পৰিয়ালৰ মানুহে বহু পলমকৈ পানীত পৰা বুলি গম পাই ততাতৈয়াকৈ  বিকাশক পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে ছাত্ৰ জন মৃত বুলি ঘোষণা কৰে ৷

 

You might also like