নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুদ্ৰ বামুনবড়ীৰ বোৱাৰী নিৰুদ্দেশঃ দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ

নিয়মীয়া বাৰ্তা ৮  অক্টোবৰঃ : বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ী গাঁৱৰ  অহিদা খাতুন নামৰ  ৩০ বছৰীয়া এগৰাকী মহিলা যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ  থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ষুদ্ৰবামুনবড়ী গাঁৱৰ পৰেশ আলীৰ পত্নী অহিদা খাতুনে শনিবাৰে বৰক্ষেত্ৰীৰ ৰামপুৰৰ বেংকলৈ আহিম বুলি এখন ই-ৰিক্সাত ঘৰৰ পৰা ওলাই আহে । তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে অহিদা খাতুন ।
১০ বছৰীয়া আৰু ৫ বছৰীয়া দুই পুত্ৰ সন্তানক ঘৰত  এৰি থৈ  ক’লৈ গ’ল অহিদা খাতুন? এয়া প্ৰকৃততে নিৰুদ্দেশ নে অন্য কিবা? এয়াই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে । অহিদা খাতুনৰ স্বামী পৰেশ আলীয়ে মাজদিয়া আৰক্ষী চকীত ইতিমধ্যে নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ দাখিল কৰিছে। অহিদা খাতুন দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । কোনো সদাশয় লোকে যদি অহিদা বেগমৰ কোনো সন্ধান পায় তেতিয়াহ’লে  ওচৰৰ আৰক্ষী থানা নাইবা ৯৮৬৪৩৭৯৯৫০/  ৮৪৮৬৯৯৪০৪৯/  ৭০৮৬৫৪৮৮১০ নম্বৰত যোগাযোগ কৰিবলৈ মহিলা গৰাকীৰ স্বামীয়ে কাতৰ আহ্বান জনাইছে।
You might also like