নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰৌতা বাগানত ৰেলৰ চেপাত মৃত্যু অজগৰ

নিয়মীয়া বাৰ্তা, ,৮ অক্টোবৰ : ওদালগুৰি জিলাৰ ৰৌতা বাগান ৰেলষ্টেচনৰ কাষতে  ৰেল পথৰ মাজত  এডাল  অজগৰ সাপৰ বৃহস্পতিবাৰে অকাল মৃত্যু  ঘটে । জানিব পৰা মতে , ৰঙাপাৰা জংচনৰ পৰা  ৰঙিয়া জংচন অভিমুখে তীব্ৰ বেগেৰে যোৱা যাত্ৰীবাহী ৰেল গাড়ী এখনে ৰেল পথৰ ওপৰতে থকা এডাল   অজগৰ সাপক পুৱা ৰেলৰ চকাই চেপি দুই টুকুৰা কৰি   থৈ যায় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ক’ৰ  পৰা কেনেকৈ আহি অজগৰ সাপডালে ৰেল পথত প্ৰৱেশ কৰিলে সেই বিষয়ে ৰৌতা ষ্টেচন অঞ্চলটোৰ কোনো লোকে নাজানে
আনুমানিক অজগৰ সাপডাল দীঘলে ৫ ফুট আছিল ।
You might also like