নলবাৰীৰ বৰকুৰিহাত ভূমিকম্পত ঘৰৰ ছাদত প্ৰকাণ্ড ফাট
প্ৰকাণ্ড ভূমিকম্পই দেওবাৰে বিয়লি ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাত সংঘটিত ক্ষতিসাধনৰ বাতৰি এটাৰ পিছত আন এটাকৈ পোহৰলৈ আহিবলৈ লৈছে।
জিলাখনৰ বহু পৰিয়ালৰ মজিয়াত পকীবেৰ ফাটি ক্ষতি সাধন হোৱাৰ বাতৰি পোৱা গৈছে।দেওবাৰে ৪ বাজি ১৪ মিনিটত হোৱা ৫.৮ প্ৰাৱল্যৰ ভূমিকম্পত জিলাখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
উক্ত ভূমিকম্পত জিলাখনৰ কেন্দুকুছি গাৱৰ ৰাজহুৱা নামঘৰৰ ৰাজহুৱা ৰাজহুৱা সভাগৃহটোৰ চিলিং খহি পৰাৰ লগতে পকী মজিয়াত বৃহৎ ফাঁট মেলাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছত শেহতীয়াকৈ কালিৰ ভূমিকম্পত জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ বৰকুৰিহা গাঁৱৰ এটা পৰিয়ালৰ ঘৰৰ চাদত প্ৰকাণ্ড ফাট মেলাৰ বাতৰি পোৱা গৈছে।
জানিব পৰা মতে, বৰকুৰিহা গাঁৱৰ মনহৰি পাটগিৰিৰ ঘৰৰ চাদত প্ৰকাণ্ড ফাঁট মেলাত পৰিয়ালটোত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়।এনেদৰে জিলা খনৰ বিভিন্ন ঠাইৰ বহু পৰিয়ালৰ পকী মজিয়া ফাটি ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।
বিশেষ বাৰ্তা, নলবাৰী, ১৫ ছেপ্টেম্বৰ