নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী–ৱাশ্বিংটনৰ প্রতিৰক্ষা চুক্তি : অতিৰিক্ত ৬খন পি–৮আই বিমান ক্রয় কৰিব ভাৰতে

🔹 সমুদ্রৰ গভীৰতাতো নিস্তাৰ নাপাব ভাৰতৰ শত্রুৱে

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক বোমাৰ জোকাৰণিত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক সম্পর্কত প্রভাৱ পৰিলেও প্রতিৰক্ষা খণ্ডত বিপৰীত ছবি পৰিলক্ষিত হৈছে৷

একাধিক সর্বভাৰতীয় সংবাদ মাধ্যমে সদৰী কৰা মতে, ভাৰতে আমেৰিকাৰ পৰা অতিৰিক্ত ৬খন বিধ্বংসী পি–৮আই বিমান ক্রয়ৰ পৰিকল্পনা কৰিছে৷ এই সন্দর্ভত আলোচনাও ইতিমধ্যে প্রায় চূড়ান্ত হৈছে৷ পি–৮আই বিমানখনে জলপথত চোৰাংচোৱাগিৰি কৰাই নহয়, সাগৰৰ গভীৰতাত শত্রুৰ জাহাজ মুহূর্ততে ধ্বংস কৰাৰ সক্ষমতা আছে৷ এক কথাত সমুদ্রৰ গভীৰতাতো নিস্তাৰ নাপাব শত্রুৱে৷

জানিব পৰা মতে, ৬খন পি–৮আই বিমানৰ ৪০০ কোটি টকাৰ চুক্তি চূড়ান্ত কৰিবলৈ ১৬ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ আমেৰিকাৰ প্রতিৰক্ষা বিভাগৰ এটা দলে ভাৰত ভ্রমণ কৰিব৷ এই প্রতিনিধি দলটোত আমেৰিকাৰ প্রতিৰক্ষা বিভাগ, ব’য়িং আৰু আন কেইবাটাও কোম্পানীৰ বিষয়ববীয়া থাকিব৷ ভাৰতত বর্তমান ১২খন পি–৮আই বিমান আছে৷ অতিৰিক্ত ৬খন অত্যাধুনিক যুদ্ধ বিমানে সমুদ্রপৃষ্ঠত ভাৰতৰ নৌসেনাৰ শক্তি অধিক শক্তিশালী কৰিব৷ ভাৰত মহাসাগৰত চীনৰ আগ্রাসন বৃদ্ধি আৰু বিগত কেইটামান বছৰত যুদ্ধ জাহাজ আৰু ছাবমেৰিনৰ কুচকাৱাজৰ পৰিপ্রেক্ষিতত দিল্লীয়ে এক শক্তিশালী স্থিতি গ্রহণ কৰিছে৷

You might also like