নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেকাজানত ‘অপ্টিমিষ্টা লাৰ্নিং হাব’ৰ উদ্যোগত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা কাৰ্যসূচী

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰ : গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থা অপ্টিমিষ্টা লাৰ্নি‌ং হাব (Optimista Learning Hub)ৰ উদ্যোগত আৰু খাদী এণ্ড ভিলেইজ ইণ্ডাষ্ট্ৰী কমিশ্যনৰ সহযোগত আজি তিতাবৰ মহকুমাৰ বৰহোলা বেকাজানত ‘স্নেহপদ’ৰ শিপিনীসকলৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কে এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে স্বামী বিবেকানন্দৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অপ্টিমিষ্টা লাৰ্নি‌ং হাবে ‘উজ্জীৱন যাত্ৰা’ৰ আধাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰিছে এই মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী। আজি বেকাজানত অনুষ্ঠিত কাৰ্যসূচীত অপ্টিমিষ্টা লাৰ্নি‌ং হাবৰ প্ৰতিষ্ঠাপক তথা অসম ক্ৰিকেট সংস্থাৰ মানসিক মনোবল বৃদ্ধিৰ প্ৰশিক্ষক ত্ৰিবেণী ভট্টাচাৰ্য উপস্থিত থাকি ‘স্নেহপদ’ৰ প্ৰায় ৩৫গৰাকী শিপিনীৰ সৈতে মানসিক স্বাস্থ্য সম্পৰ্কত প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰে। কাৰ্যসূচীত অপ্টিমিষ্টা লাৰ্নি‌ং হাবৰ প্ৰজেক্ট ক’ৰ্ডিনেটৰ ব্ৰীজেশ দেৱ, অসম মহিলা বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ধাৰণা বৰা, স্নেহপদৰ সঞ্চালক প্ৰকাশ ঠাকুৰ, বেকাজান হেণ্ডলোম ক্লাছটাৰ কৰ্ডিনেটৰ কল্পনা চুতীয়া আদি উপস্থিত থাকে। কাৰ্যসূচীত অসম মহিলা বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ ৩০গৰাকীকৈ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে গ্ৰামাঞ্চলৰ শিপিনীসকলৰ সৈতে মানসিক স্বাস্থ্য সম্পৰ্কত পৃথকে পৃথকে আলোচনাত মিলিত হয়। কাৰ্যসূচীৰ সন্দৰ্ভত অপ্টিমিষ্টা লাৰ্নি‌ং হাবৰ প্ৰতিষ্ঠাপক তথা অসম ক্ৰিকেট সংস্থাৰ মানসিক মনোবল বৃদ্ধিৰ প্ৰশিক্ষক ত্ৰিবেণী ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে মানসিক চাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু মানসিক স্বাস্থ্য কেনেকৈ ভালদৰে ৰাখিব লাগে সেই সন্দৰ্ভত গ্ৰামাঞ্চলৰ শিপিনী সকলক জ্ঞাত কৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও সহযোগিতা আগবঢ়াইছে। ৰঙিয়া, বেলতলা আদিৰ পিছত আজি বেকাজানত তৃতীয়টো কাৰ্যসূচী অনুষ্ঠিত হৈছে। ১৬ নৱেম্বৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰাৰ পিছতে ছাত্র-ছাত্ৰীসকলৰ আগ্ৰহ দেখি আজি বেকাজান এনে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সাহস পাইছোঁ। লগতে মনোবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে শিকে যে মানুহৰ মাজত সোমাই মানসিক চাপ আঁতৰাই মানুহক কেনেকৈ স্পৃহা দিব পাৰি, ধনাত্মকতা সৃষ্টি কৰিব পাৰি বা মন ভালে ৰাখি কেনেকৈ মানুহক আগবঢ়াই নিব পাৰি সেয়ে এনে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি প্ৰকাশ কৰে ত্ৰিবেণী ভট্টাচাৰ্যই।

প্ৰেৰক অজয় শইকীয়া

You might also like