নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই গাৰ্লছ কলেজ চৌহদত ২০০ লোকক খাদ্য বস্তু বিতৰণ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ : স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মাআৰিফৰ উদ্যোগত দুই শতাধিক দৰিদ্ৰ পৰিয়ালক প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। আজি খাদ্য বিতৰণ উপলক্ষে হোজাইৰ সমাজ কৰ্মী প্ৰভাত কয়ালৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ সভাত মৰ্কজুল মাআৰিফৰ সভাপতি ড৹ ছামচুল হক চৌধূৰী, সমাজ কৰ্মী কমল দত্ত, হোজাই গাৰ্লচ কলেজৰ উপাধ্যক্ষা সুমিতা দেৱনাথ, অধ্যাপক ড৹ পীযুষ নন্দী আৰু মৰ্কজৰ মেনেজাৰ জামাল উদ্দিন উপস্থিত থাকি দৰিদ্ৰসকলক সহায়ৰ হাত আগবঢ়ায় ৷ এই সভাত প্ৰভাত কয়াল আৰু কমল দত্তই কয়- আজমল পৰিয়ালৰ দ্বাৰা পৰিচালিত সংস্থাটিয়ে বিগত বছৰ বছৰ ধৰি মৰ্কজুল মাআৰিফৰ উদ্যোগত জাতি ,ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোক সকলৰ মাজত বিভিন্ন ধৰণৰ মানৱীয় দৃষ্টিৰে সাহাৰ্য আগবঢ়াই আহিছে ৷ আজিও দুই শতাধিক দৰিদ্ৰ পৰিয়ালৰ পুৰুষ-মহিলাসকলে প্ৰায় এমাহ খাব পৰাকৈ চাউল, দাইল, চেনি আদি সামগ্ৰী লাভ কৰি মৰ্কজৰ শলাগ লয় ৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like