নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত চতুর্থ শক্তিশালী সামৰিক বাহিনী ভাৰতৰ: শীর্ষত চীনৰ সেনা

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ প্রতিৰক্ষা ৱেবছাইট ‘মিলিটাৰী ডাইৰেক্ট’ৰ শেহতীয়া সমীক্ষা অনুসৰি বর্তমান বিশ্বৰ সেনা শক্তিত চতুর্থ স্থানত আছে ভাৰত৷ ইফালে, আটাইতকৈ শক্তিশালী সামৰিক বাহিনী হিচাপে চিহ্ণিত হৈছে চীনৰ সেনা৷ দেওবাৰে ৱেবছাইটটোৱে শেহতীয়া সমীক্ষাৰ প্রতিবেদন প্রকাশ কৰিছে৷

প্রতিবেদনৰ তথ্য অনুসৰি বৃহৎ সামৰিক বাজেট সত্ত্বেও এই তালিকাত আমেৰিকাৰ সেনা আছে দ্বিতীয় স্থানত৷ আমেৰিকাৰ সামৰিক বাহিনীয়ে তালিকাত ৭৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত উপনীত হোৱাৰ বিপৰীতে ৬৯ পইণ্টেৰে তৃতীয় স্থান দখল কৰিছে ৰাছিয়াৰ সেনাই৷ ভাৰতে ৬১ পইণ্টেৰে চতুর্থ স্থান লাভ কৰাৰ বিপৰীতে ৫৮ পইণ্টেৰে ফ্রান্সৰ সামৰিক বাহিনীয়ে তালিকাত পঞ্চম স্থান লাভ কৰিছে৷

উল্লেখনীয় যে ৪৩ পইণ্টেৰে তালিকাত নৱম স্থানহে লাভ কৰিবলৈ সক্ষম হৈছে ব্রিটেইনৰ সেনাই৷ ৱেবছাইটটোৱে চলোৱা সমীক্ষাত বিভিন্ন দিশক আধাৰ কৰি লোৱা হৈছে৷ ইয়াৰ ভিতৰত সামৰিক বাজেট, সেনাত সক্রিয় আৰু নিষ্ক্রিয় কর্মী, মুঠ সশস্ত্র বাহিনী তথা পাৰমাণৱিক সম্পদ, গড় বেতন আৰু সামৰিক সঁজুলিৰ দিশবোৰৰ ওপৰত অধ্যয়ন চলোৱা হৈছিল৷ ৱেবছাইটটোৱে নির্ধাৰণ কৰা ১০০ পইণ্টৰ ভিতৰত ৮২ পইণ্টেৰে চীনৰ সেনাই শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

স্মর্তব্য যে সামৰিক ক্ষেত্রত আটাইতকৈ বেছি বাজেট এটা বছৰত ধার্য কৰি আহিছে আমেৰিকাই৷ যোৱা বছৰটোত আমেৰিকাই ৭৩২ বিলিয়ন ডলাৰ অর্থাৎ ৭৩,২০০ কোটি ডলাৰ বিনিয়োগ কৰিছিল সামৰিক শিতানত৷

You might also like