নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ নৱেম্বৰত এ চি এৰ নির্বাচন : সভাপতি পদত বিধায়ক তৰংগ গগৈ!

বিশেষ বাৰ্তা, ৫ নৱেম্বৰঃ অসম ক্রিকেট সন্থা (এচিএ)ৰ সমাগত নির্বাচনক লৈ আৰম্ভ হৈছে কুচকাৱাজ৷ দেশৰ আটাইতকৈ ধনী সংস্থা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ অধীনস্থ এচিএৰ নির্বাচনে প্রত্যেকবাৰৰ নিচিনাকৈ এইবাৰো বিভিন্ন মহলৰ দৃষ্টি আকর্ষণ কৰিছে৷ সুদীর্ঘ কালৰ অন্তত বিগত সমিতিখন কিছুপৰিমাণে ৰাজনীতিৰ প্রভাৱমুক্ত আছিল যদিও পুনৰ সংস্থাটোলৈ ৰাজনীতিবিদৰ আগমন ঘটাৰ সম্ভাৱনা আছে৷ সেই অনুসৰি এইবাৰ সভাপতি পদত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ নাম প্রায় নিশ্চিত বুলি জানিব পৰা গৈছে৷ আনহাতে সংস্থাটোৰ অন্যতম গুৰুত্বপূর্ণ সাধাৰণ সম্পাদক পদত বর্তমানৰ কোষাধ্যক্ষ ত্রিদীপ কোঁৱৰৰ নাম উচ্চাৰিত হৈছে৷ উল্লেখ্য যে বর্তমানৰ সমিতিখনৰ কার্যকালৰ অন্ত পৰাত অহা ২৭ নৱেম্বৰত নির্বাচন অনুষ্ঠিত হ’ব৷ সম্প্রতি এচিএত সভাপতি পদত ৰমেন দত্ত আৰু সম্পাদক পদত অধিষ্ঠিত হৈ আছে দেৱজিত শইকীয়া৷ প্রাক্তন ক্রিকেটাৰ তথা এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই শেহতীয়াভাৱে ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ যুটীয়া সম্পাদক পদত নির্বাচিত হৈছে৷ সেইবাবে তেওঁ অসম ক্রিকেট সন্থাৰ পৰৱর্তী সম্পাদক পদত অধিষ্ঠিত হ’ব নোৱাৰিব৷ ইয়াৰ পিছতে ৰাজ্যৰ শক্তিশালী ক্রিকেট কমিটীখনৰ পদবীৰ বাবে ৰাজনীতিক আৰু ক্রীড়া মহলত আৰম্ভ হয় ব্যাপক চর্চা৷ এনে চর্চাৰ মাজতে সন্থাৰ সভাপতি পদত বিধায়ক তৰংগ গগৈৰ নাম পোহৰলৈ আহে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি সভাপতি পদত ৰাজনৈতিক নেতা তথা মন্ত্রী–বিধায়ক অধিষ্ঠিত হোৱাৰ পৰম্পৰা চলি আহিছে৷ কেৱল ক্রিকেট সন্থাতে নহয়, ৰাজ্যৰ সর্বোচ্চ ক্রীড়া সংস্থা অসম অলিম্পিকতো এই পৰম্পৰা অব্যাহত আছে৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ পৰা মন্ত্রী গৌতম ৰয়লৈকে কেইবাজনো ৰাজনীতিকে অলিম্পিক সন্থা আৰু অসম ক্রিকেট সন্থাৰ সভাপতি পদ অলংকৃত কৰিছে৷ অৱশ্যে এইবাৰ এচিএৰ নির্বাচনত প্রাক্তন ৰঞ্জি খেলুৱৈ তথা অসম দলৰ অধিনায়ক ৰাজেশ বৰায়ো নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে৷ অৱশ্যে অহা ১৪ নৱেম্বৰৰ পিছতহে এচিএৰ নির্বাচনৰ ছবিখন স্পষ্ট হৈ পৰিব বুলি সন্থাৰ সূত্রই সদৰী কৰিছে৷

You might also like