নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উৎকোচ লৈ হাতে-লোতে ধৰা পৰিল লাট মণ্ডল

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ: ব্যাপক দুৰ্নীতি-অনিয়মৰ আশ্ৰয় লৈ হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি একাংশ লাট মণ্ডলে লুণ্ঠনৰাজ চলাই থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে আজি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৱাৰক শাখাই অতৰ্কিতে চলোৱা অভিযান কালত হাতে-লোতে ধৰা পৰে এজন লাট মণ্ডল। উৎকোচ লৈ হাতে-লোতে ধৰা পৰা মণ্ডল গৰাকী হৈছে ৰাজহ চক্ৰটোৰ অন্তৰ্গত জাপিয়া লাটৰ মণ্ডল টংকেশ্বৰ নাথ। জানিব পৰা মতে, জাপিয়া গাঁৱৰ জনৈক আলী উপাধিৰ ব্যক্তি জনে তেওঁৰ পৈতৃক ভূমি অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে বাটোৱাৰা কৰাৰ বাবে দুমাহ পূৰ্বে আবেদন কৰিছিল।

অভিযোগ অনুসৰি, তেওঁৰ আবেদনৰ ভিত্তিত স্থানীয় গাওঁবুঢ়া আৰু লাট মণ্ডল টংকেশ্বৰ নাথে ভূমি পৰিদৰ্শন কৰি কামখিনি কৰি দিয়াৰ বাবদ পাচ হাজাৰ টকা বিচাৰে। সেইসূত্ৰে ভূমিৰ গৰাকীয়ে পৰিদৰ্শন কালত চাৰি হাজাৰ টকা আদায় দিয়ে যদিও পৰৱৰ্তী সময়ত পুনৰ বিশ হাজাৰ টকা বিচাৰে। অন্যথা তেওঁৰ ভূমিৰ কাম নহব বুলি উঠাই দিয়ে। উপায়ন্তৰ হৈ ভুক্তভুগি জনৈক আলীয়ে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৱাৰক শাখাৰ ওচৰ চাপে। ইফালে আজি ভুক্তভুগি জনৈক আলীয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহি লাট মণ্ডল টংকেশ্বৰ নাথক চাৰি হাজাৰ টকা আদায় দিয়া মূহুৰ্ততে পূৰ্বৰে পৰা খাপপিতি থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটি ছয় জনীয়া দলে লাট মণ্ডল টংকেশ্বৰ নাথক উৎকোচ সহিতে হাতে লোতে আটক কৰে আৰু সোধপোচ অব্যাহত ৰাখি মণ্ডল গৰাকীক গুৱাহাটীলৈ নিয়ে।

You might also like