নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুলৰ সমষ্টি চামগুৰিত অর্ধশতাধিক কংগ্রেছী বিজেপিলৈ

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ বিয়লি সূতাৰগাঁও পঞ্চায়তৰ অন্তর্গত ভীমৰগাঁওস্থিত ১৩ নং মিকিৰহাট প্রাথমিক বিদ্যালয়ত বিজেপিৰ এখন সভা অনুষ্ঠিত হয়৷ সূতাৰগাঁও পঞ্চায়তৰ সভানেত্রী প্রণীতা দাধৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বাজিয়াগাঁও মণ্ডল বিজেপিৰ নৱনির্বাচিত সভাপতি প্রাণজিৎ বৰাৰ উপস্থিতিত কংগ্রেছৰ প্রাক্তন আঞ্চলিক সদস্য হৰেন বৰাসহ অর্ধ শতাধিক কংগ্রেছ কর্মীয়ে বিজেপিত যোগদান কৰে৷ আহ্বায়ক শক্তি কেন্দ্রৰ ভৱানন্দ দাসে আঁত ধৰা সভাখনত বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্রাণজিৎ বৰাই কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ নেতৃত্বত চামগুৰি সমষ্টিত দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়৷ উক্ত সভাখনত সূতাৰগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্রভাত দাস, বিজেপি নেতা নিৰ দাধৰা, ভানু দাস, ববী বৰাকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে৷

আনহাতে চামগুৰি সমষ্টিৰ বাজিয়াগাঁও মণ্ডল বিজেপিৰ নৱনির্বাচিত সভাপতি প্রাণজিৎ বৰাক আজি বাজিয়াগাঁও উন্নয়ন খণ্ডৰ প্রেক্ষাগৃহত অনুষ্ঠিত এখন সভাত দলিয় কর্মীসকলে সম্বর্ধনা জনায়৷ সভাখনত বাজিয়াগাঁও মণ্ডল বিজেপিৰ নৱনির্বাচিত সভাপতি প্রাণজিৎ বৰাই আগন্তুক বিধানসভা নির্বাচনত চামগুৰি সমষ্টিত বিজেপিক অধিক শক্তিশালী কৰিবৰ বাবে প্রতিজন দলীয় সতীর্থৰ সহযোগ কামনা কৰাৰ লগতে প্রতিজন কর্মীক নিজৰ নিজৰ অঞ্চলত দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ আহ্বান জনায়৷ ভেলেউগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পিণ্টু ডেকাই আঁত ধৰা উক্ত সভাখনত ভেলেউগুৰি গাঁও পঞ্চায়তৰ সভানেত্রী নিৰমাই দাস, সূতাৰগাঁও পঞ্চায়ত সভানেত্রী প্রণীতা দাধৰা, বিজেপি নেতা প্রণৱ দাসকে ধৰি প্রতিখন গাঁও পঞ্চায়তৰ সভাপতি আৰু বুথ কমিটীৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ বাজিয়াগাঁও মণ্ডল বিজেপিৰ বুথ সমিতি আৰু শক্তি কেন্দ্রৰ আহ্বায়কসকলৰ উদ্যোগত অনুষ্ঠিত সভাখনলৈ বাজিয়াগাঁও মণ্ডল বিজেপিৰ নৱনির্বাচিত সভাপতি প্রাণজিৎ বৰাই দলিয় কর্মীসকলৰ লগত বাজিয়াগাঁও তিনিআলিৰ পৰা পদযাত্রা কৰি সভাগৃহত উপস্থিত হয়৷

You might also like