নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নটাৰ বুটাম টিপাৰ হুংকাৰ কংগ্ৰেছ নেতৃত্বক

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে মৰিগাঁও জিলা কংগ্ৰেছৰ কৰ্মীসকলৰ আশাত চেঁচাপানী ঢালি প্ৰদেশ কংগ্ৰেছে মহাজোঁট বন্ধনৰ জৰিয়তে ৮০নং মৰিগাঁও সমষ্টিটো চি পি আই দলক এৰি দিয়াটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ খবৰ মৰিগাঁও জিলা কংগ্ৰেছ মহলত মাজত বিয়পি পৰাৰ পিছতে মৰিগাঁও সমষ্টিৰ বিভিন্ন ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সৃষ্টি হৈছে ক্ষোভৰ উদগীৰণ।

বিশেষকৈ মৰিগাঁও সদৰ সমষ্টিটো এইবাৰ মহাজোঁটৰ অংশীদাৰ চি পি আই দলৰ প্ৰাৰ্থী মুনীন মহন্তক এৰি দিয়া বুলি খবৰ বিয়পি পৰাৰ পিছতে জিলাখনৰ ব্লকে ব্লকে কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এইক্ষেত্ৰত আজি কপিলী ব্লক কংগ্ৰেছৰ নেতৃত্বই মৰিগাঁও সমষ্টিটোক কোনো কাৰণতে গণভিত্তি নথকা চি পি আই দলৰ নেতা মুনিন মহন্তক এৰি নিদিবলৈ দাবী জনাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

যদি প্ৰদেশ কংগ্ৰেছে মৰিগাঁও সমষ্টিৰ তৃণমূল কৰ্মীৰ এই আহ্বান নামানি চি পি আইক এৰি দিয়ে তেনেহ’লে ভোটদানৰ সময়ত কপিলী ব্লক কংগ্ৰেছৰ ৮টা মণ্ডল কংগ্ৰেছৰ ভোটাৰসকলে নটাৰ বুটাম টিপাৰ হুংকাৰ প্ৰদান কৰে এই প্ৰতিবাদৰ জৰিয়তে ৷

You might also like