নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ পুঁজিৰ পৰা এখন এম্বুলেঞ্চ আৰু ৬ খন অক্সিজেন চিলিণ্ডাৰ বিতৰণ সাংসদ গৌৰৱ গগৈৰ

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ  ৰূপহীহাটৰ গড়াজান ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত সাংসদ পুঁজিৰ পৰা এখন এম্বুলেঞ্চ, দুটাকৈ অক্সিজেন চিলিণ্ডাৰ বিতৰণ কৰে কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে | ইফালে ৰূপহীহাট মডেল হাস্পিতালতো দুটা অক্সিজেন চিলিণ্ডাৰ বিতৰণ কৰে সাংসদ গৰাকীয়ে | স্থানীয় বিধায়ক নুৰুল হুদাৰ উপস্থিত বিতৰণ কৰে এম্বুলেঞ্চ আৰু ৬ টাকৈ অক্সিজেন চিলিণ্ডাৰ | সাংসদ গৌৰৱ গগৈৰ এনে প্ৰশংসনীয় পদক্ষেপক ৰাইজে শলাগ লোৱা পৰিলক্ষিত হৈছে | এম্বুলেঞ্চ বিতৰণী সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে ।

You might also like