নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছবিটিত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত আন এটা গুৰুত্বপূৰ্ণ সাফল্য। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত গুৱাহাটীৰ আইএছবিটিত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। এই নেটৱৰ্কৰ সৈতে জড়িত এজন গুৰুত্বপূৰ্ণ সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

মণিপুৰৰ পৰা বাছেৰে সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয় এই হেৰোইনখিনি ৷ জব্দ কৰা হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা। গোপন সূত্ৰৰ পম খেদি এখন বাছৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি।
ইপিনে টুইটযোগে মহানগৰ আৰক্ষীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like