নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু ৰাজনৈতিক নে অৰাজনৈতিক? সম্পাদকে কয় ৰাজনৈতিক সভাপতিৰ দাবী অৰাজনৈতিক

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ সদৌ অসম ছাত্র সন্থা ৰাজনৈতিক নে অৰাজনৈতিক? আঞ্চলিক দল অসম জাতীয় পৰিষদ গঠনৰ সময়ৰে পৰা এই প্রশ্ণক লৈ বিতর্ক সৃষ্টি হৈ আহিছে৷ সংগঠনটোৰ শেহতীয়া দুলীয়াজান অধিৱেশনৰ সময়তো ড০ সমুজ্জ্বল ভট্টাচার্য আৰু লুৰিণজ্যোতি গগৈৰ মাজত বিষয়টো সন্দর্ভত মুকলি বাক–বিতণ্ডা চলিছিল৷ বিতর্কৰ এতিয়াও অন্ত পৰা নাই৷ শেহতীয়াকৈ সদৌ অসম ছাত্র সন্থাৰ নৱনির্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক মত বিনিময় অনুষ্ঠানত ঘোষণা কৰিছিল যে আছু কেতিয়াও অৰাজনৈতিক সংগঠন নহয়৷ কোনো কোনোৱে আছুক অৰাজনৈতিক বুলি কৈ ভুল ব্যাখ্যা দিয়াৰ চেষ্টা কৰি আহিছে৷ ভোটদানৰ অধিকাৰ লাভ কৰা লোকসকল ৰাজনৈতিকভাৱে সচেতন হ’বই লাগিব৷

আছুৱে ৰাজনৈতিক ন্যায় প্রতিষ্ঠাৰ বাবে কাম কৰি যাব৷ সাধাৰণ সম্পাদকগৰাকীৰ এই ঘোষণাৰ বিপৰীতে আজি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে সদৌ অসম ছাত্র সন্থা সদায় অৰাজনৈতিক দৃষ্টিভংগীৰে আগবাঢ়ি যাব৷ যিসকলে দলীয় ৰাজনীতি কৰিব, তেওঁলোকে ইতিমধ্যে নিজা দল গঠন কৰিছে৷ আছুৱে দলীয় ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি সকলো জাতি–জনগোষ্ঠীক সংগঠিত কৰি কাম কৰি যাব৷ সদৌ অসম ছাত্র সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীৰ এই পৰস্পৰবিৰোধী মন্তব্যই স্বাভাৱিকতে জাতীয় সংগঠনটোৰ ভূমিকাক লৈ বিতর্কৰ সৃষ্টি কৰিব৷

ইয়াৰ পূর্বেও দুলীয়াজান অধিৱেশনত ড০ সমুজ্জ্বল ভট্টাচার্যই আছু অৰাজনৈতিক সংগঠন বুলি ঘোষণা কৰাৰ বিপৰীতে প্রতিনিধি সভাত সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কৈছিল যে এন জি অ’, ক্লাব আদি অৰাজনৈতিক সংগঠন হ’ব পাৰে৷ জাতীয় সংগঠন হিচাপে আছু কেতিয়াও অৰাজনৈতিক নহয়৷ জনগণক ৰাজনৈতিকভাৱে সচেতন কৰা, সামাজিক ন্যায় আৰু সমতা প্রতিষ্ঠা কৰা আছুৰ লক্ষ্য আৰু উদ্দেশ্য বুলি সংবিধানত স্পষ্টভাৱে উল্লেখ আছে৷ তেতিয়াৰে পৰা আছুৰ অৰাজনৈতিক চৰিত্রক লৈ সংগঠনটোৰ নেতৃত্বৰ মাজত মতভেদ অব্যাহত আছে৷

You might also like