নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কিত আউটৰ বলি কোহলি

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: আকর্ষণীয় পর্যায়ত উপনীত হৈছে অষ্ট্রেলিয়া
আৰু ভাৰতৰ মাজত অনুষ্ঠিত দ্বিতীয় টেষ্ট৷ কোটলাৰ ঘূর্ণি উইকেটত ৰানৰ বাবে
দুয়ো দলৰ বেটাৰে সংগ্রাম কৰিবলগীয়া হৈছে৷ প্রথম ইনিংছত ভাৰতে
অষ্ট্রেলিয়াৰ ৰান অতিক্রম কৰিব নোৱাৰিলে৷ অৱশ্যে ইয়াৰ মাজতে বিৰাট কোহলিৰ
আউটক লৈ সৃষ্টি হৈছে তীব্র বিতর্কৰ৷ আউট হোৱাৰ পিছত নিজেও ক্ষোভ উজাৰি
দিছে প্রাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে৷ অ’পেন কৰিবলৈ নামি ৰোহিত শর্মাই ৩২
ৰান কৰিলেও পুনৰবাৰ ব্যর্থ হয় কে এল ৰাহুল৷ তেওঁৰ দলভুক্তিক লৈ সৰৱ চর্চা
চলি থকাৰ সময়তে কোহলিৰ আউটক লৈ আৰম্ভ হয় বিতর্ক৷ অভিষেক ঘটোৱা মেথি
কুনেমনৰ ডেলিভাৰীত কোহলিক এলবিডব্লিউ আউট দিয়ে আম্পাৰে৷ কিন্তু কোহলিৰ
দাবী আছিল বল বেটত লাগিছে৷ নিশ্চিত হ’বলৈ ৰিভিউ লয় তেওঁ৷ কিন্তু তাতেও
সিদ্ধান্ত সলনি নহ’ল৷ পেভিলিয়নলৈ উভতি গৈ সেই দৃশ্য টিভিত দেখি আম্পাৰৰ
বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে বিৰাটে৷ সেই ভিডি’ এতিয়া ছ’চিয়েল মিডিয়াত
ভাইৰেল হৈছে৷ ভিডি’ত দেখা গৈছে যে বলে প্রথমতে বেটত স্পর্শ কৰিছে৷
বিশেষজ্ঞসকলেও দাবী কৰিছে যে বিৰাটক নট আউট দিয়া উচিত আছিল৷ অৱশ্যে ৪৪
ৰান কৰি কোহলিয়ে দলক বহুখিনি সকাহ দিয়ে৷

You might also like