নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ নালাগে, চাকৰি লাগে কার্যসূচীৰে ঘৰে ঘৰে যাব যুৱ কংগ্রেছ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি আজি ‘কা’ নালাগে, চাকৰি লাগে শীর্ষক এক নতুন কার্যসূচী আৰম্ভ কৰিছে যুৱ কংগ্রেছে৷ শুকুৰবাৰে ৰাজীৱ ভৱনত এখন সংবাদ মেলত এই কার্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে নিখিল ভাৰত কংগ্রেছ কমিটীৰ ছ’চিয়েল মিডিয়া বিভাগৰ ৰাষ্ট্রীয় আহ্বায়ক প্রণৱ বছৰজনি, প্রদেশ কংগ্রেছৰ মিডিয়া কোষৰ অধ্যক্ষ ববিতা শর্মা আৰু যুৱ কংগ্রেছৰ সম্পাদক কৃদীপ বর্মনে৷ এই উপলক্ষে সংবাদ মেলখনত বছৰজনিয়ে কয় যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিয়া প্রতিশ্রুতি পালন কৰাত ব্যর্থ হৈছে৷

এই প্রসংগত তেওঁ কয়– মোদী চৰকাৰে দুই কোটি চাকৰিৰ প্রতিশ্রুতি দিছিল৷ সেইদৰে ৰাজ্য চৰকাৰখনে ২৫ লাখ চাকৰিৰ প্রতিশ্রুতি দিছিল৷ ইয়াৰ বিপৰীতে সর্বানন্দ সোণোৱাল চৰকাৰে মাত্র ৮০ হাজাৰ চাকৰি প্রদান কৰিবলৈহে সক্ষম হ’ল৷ অসমৰ নিবনুৱা কর্মসংস্থাপনৰ প্রতিশ্রুতি দি তেওঁলোকৰ ওপৰত নাগৰিকত্ব সংশোধনী আইন (কা) জাপি দিলে৷

উল্লেখ্য যে এই কার্যসূচী যুৱ কংগ্রেছে ঘৰে ঘৰে প্রচাৰ চলাব৷ তদুপৰি ছ’চিয়েল মিডিয়াযোগেও এই কার্যসূচীৰ ব্যাপক প্রচাৰ চলোৱা হ’ব৷ সংবাদ মেলত মিডিয়া কোষৰ অধ্যক্ষ ববিতা শর্মাই কয় যে বর্তমানৰ চৰকাৰখনে ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ আশা পূৰণ কৰিবলৈ সক্ষম নহ’ল৷ এতিয়াও ৰাজ্যত ৬০ হাজাৰতকৈ অধিক অনুমোদিত পদ খালী হৈ আছে৷ কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে এমাহৰ ভিতৰতে তেওঁলোকে দিয়া পাঁচ গেৰাণ্টী পূৰণ কৰিব বুলিও উল্লেখ কৰে শর্মাই৷

You might also like