নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৩ দিনৰ অন্তত নিজ গৃহলৈ উভতিল ৰেগিঙৰ বলি হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আনন্দ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:   অৱশেষত ৰাজ্য কঁপাই যোৱা ৰেগিংৰ বলি হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মা চিকিৎসালয়ৰ পৰা ৮৩ দিনৰ অন্তত উভতিল নিজ গৃহলৈ।মুখ্যমন্ত্রী, শিক্ষামন্ত্ৰী, ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰসাশন, আৰক্ষী বিভাগ, বিভিন্ন দল সংগঠন, সাংবাদ মাধ্যমৰ লগতে সকলো শুভাকাংক্ষীক আন্তৰিক ধন্যবাদ জনাইছে আনন্দ শৰ্মাই। চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ ৰাওনা হোৱাৰ লগতে পুনৰ এবাৰ আনন্দ শৰ্মাই কৈ গ’ল– ‘মোৰ লগত যি হ’ল অসমত যাতে এনে বিভৎস ঘটনা আৰু কাৰো লগত নহওঁক। বহুত সপোন লৈ আহিছিলোঁ পঢ়িবলৈ। এতিয়া সেইবোৰ মৰিচিকা হল!’

অৱশ্যে আনন্দ শৰ্মাৰ পৰিয়ালৰ মতে আনন্দ এতিয়াও মানসিক ভাৱে সেই ঘটনাক লৈ বহু কষ্টত আছে। পঢ়া শুনাও আগৰ দৰে কৰিব পৰাকৈ সুষ্ঠ হৈ উঠা নাই। হাতৰ অষ্ট্ৰোপচাৰৰ বাবে এতিয়াও লিখিব পৰাকৈ সুষ্ঠ হৈ উঠা নাই। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতে চলিলে ক্ৰমান্বয়ে থিক হৈ উঠিব বুলি চিকিৎসকে জনাইছে। এনেদৰেই দীৰ্ঘ দিনীয়া চিকিৎসাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা আজি ৰাওনা হ’ল শিৱসাগৰৰ আমগুৰিৰ নিজ গৃহলৈ।স্বাস্থ্য ক্ৰমাৎ উন্নত হোৱাৰ পৰিপেক্ষিতত, চিকিৎসকৰ পৰামৰ্শ অনুসৰি ডিব্ৰুগড়ৰ মাৰোৱাৰী আৰোগ্য ভৱন হস্পিতালৰ পৰা আমগুৰিৰ নিজা বাসগৃহলৈ এম্বুলেঞ্চেৰে আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে ৰাওনা হয় আনন্দ শৰ্ম্মা। যোৱা ৮৩ দিন ডিব্ৰুগড়ত চিৎসাধীন হৈ আছিল আনন্দ শৰ্মা। আজি দুপৰীয়া এম্বুলেন্স যোগে ৰাওনা হয় আনন্দ শৰ্মা।

উল্লেখ্য যে, যোৱা ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত ৰেগিংৰ নামত অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ তিনি মহলাৰ উপৰৰ পৰা মৰণপণ জাপ দিয়াৰ পাছত জীৱন মৃত্যুৰ সৈতে যুজঁ দি আছিল আনন্দ শৰ্মা।চিকিৎসকৰ প্ৰচেষ্টাত যোৱা ১ ডিচেম্বৰত জটিল অষ্ট্ৰোপচাৰ জৰিয়তে দীঘলীয়া প্ৰচেষ্টাত ক্ৰমে সুস্থ অৱস্থালৈ আহিছে যদিও পুনৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠালৈ আহিবলৈ সক্ষম হোৱা নাই।অৱশ্যে আজি চিকিৎসকে নিজা ঘৰলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰাত চিকিৎসালয়ৰ বিছনা এৰি গৃহাভিমুখে ৰাওনা হৈছে আনন্দ।তাৎপৰ্য পূৰ্ণ যে আনন্দ শৰ্মাৰ চাঞ্চল্যকৰ ৰেগিং ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে ৭জন ছাত্ৰক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰা লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ৮ জন ছাত্ৰক আগন্তুক তিনি বছৰ প্ৰযন্ত নিলম্বন আৰু ১৮ জন ছাত্ৰক বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা বহিস্কৃত‌ কৰা উপৰিও হোষ্টেলৰ অধীক্ষক আৰু মুখ্য অধীক্ষককো শাস্তিমূলক অব্যাহতি দিছিল।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like