নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও বৰঘাট বাইপাছৰ ধাবাত নাৰী দেহ ব্যৱসায়ৰ লগত জৰিত যুৱতী-মহিলা সহ ৯ জনক গ্ৰেপ্তাৰ 

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: নগাঁও আৰক্ষীয়ে দেওবাৰে অভিযান চলাই ৩৭ নং আৰু ৩৬ নং সংযোগী চাৰিলেন যুক্ত বৰঘাট বাইপাছৰ এখন ধাবাত অভিযান চলাই নাৰী দেহৰ ব্যবসায়ৰ লগত জৰিত মহিলা-যুৱতী সহ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও বাইপাছৰ জুইশাল ধাবাত এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এই সফলতা লাভ কৰিবলৈ আৰক্ষী সক্ষম হয়। দেওবাৰে বিয়লি প্ৰায় চাৰি বজাত চলোৱা এই অভিযানৰ সময়ত নগাঁও আৰক্ষীয়ে এই ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাৰী দেহৰ ব্যবসায়ৰ লগত জৰিত লোক সকল হল- নগাঁও সদৰ থানাৰ অন্তৰ্গত শিয়ালমাৰীৰ সোমায়া জেছমিন (১৮) , জেছমিন বেগম(২৪), আব্দুল ৰচিদ(৩২) , চাৰিখুটিৰ আছমিনা বেগম(১৪) , মৰিকলংৰ বলোৰাম দাস(২৮), ৰূপজ্যোতি দাস (২৮), দ্বীপজ্যোতি দাস(৩০), বিজয় দাস(১৪), আৰু বটদ্ৰবা কদমনিৰ চলা পথাৰৰ জেছমিন বেগম(৩২)।

উল্লেখ যে বৰঘাট বাইপাছৰ প্ৰায়বোৰ ধাবাতেই দীৰ্ঘদিন ধৰি কেতবোৰ অসামাজিক কাম কাজ চলি আহিছে । স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন জন লোকৰ অস্বাভাৱিক সমাগমে সচেতন মহলক চিন্তিত কৰি আহিছে। বিভিন্ন সময়ত বৰঘাট বাইপাছৰ ধাবাত চলি থকা এনেবোৰ অসামাজিক কামকাজৰ বিষয়ে আৰক্ষীক ব্যবস্থা লবলৈ সচেতন ৰাইজে দাবী জনাই আহিছিল আৰু এই দাবীৰ ভিত্তিতে কালি নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই জুইশাল ধাবাৰ মালিক বলোৰাম দাস সহ ৯ জন নাৰী দেহ ব্যবসায়ৰ লগত জৰিত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।

You might also like