নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুমুহা জাৱাদৰ প্রভাৱত ওড়িশাত মুষলধাৰ বৃষ্টিপাত

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: সামুদ্রিক ধুুমুহা জাৱাদৰ প্রভাৱত আজি পুৱাৰে পৰা ওড়িশাৰ উপকূলীয় অঞ্চলত চলি আছে বৃষ্টিপাত৷ মূষলধাৰ বৃষ্টিয়ে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে যদিও সামুদ্রিক ধুমুহা জাৱাদ ক্রমাৎ দুর্বল হৈ পৰিছে৷ তথাপি ইয়াৰ প্রভাৱত ওড়িশাসহ কেইবাখনো ৰাজ্যত আৰম্ভ হৈছে বৃষ্টিপাত৷ উল্লেখনীয় যে বংগোপসাগৰৰ পৰা গোপালপুৰ, পুৰী, পাৰাদ্বীপ আদি বিভিন্ন অঞ্চললৈ জাৱাদে কঢ়িয়াই আনিছে মুষলধাৰ বৰষুণ৷ অৱশ্যে পশ্চিমবংগৰ উপকূলীয় অঞ্চলত এই বাতৰি যুগুতোৱাৰ পৰলৈ কোনো ধৰণৰ প্রভাৱ পৰা নাই৷ কিন্তু বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি কাইলৈ পশ্চিমবংগৰ বিভিন্ন জিলাত জাৱাদৰ প্রভাৱত বৃষ্টিপাত দেখিবলৈ পোৱা যাব৷ ইফালে, অন্ধ্রপ্রদেশৰ সমুদ্র উপকূলত ধুমুহাই কোনোধৰণৰ প্রভাৱ সৃষ্টি নকৰে বুলি আজি বতৰ বিজ্ঞান বিভাগে সদৰী কৰাৰ পিছতে ৰাজ্যখনৰ সমুদ্র তীৰলৈ পুৱাৰে পৰা পর্যটকসকলৰ আগমন ঘটিছে৷ বংগোপসাগৰৰ গর্ভতেই ধুমুহা জাৱাদ ক্রমাৎ দুর্বল হৈ পৰা বুলি সদৰী কৰিছে বতৰ বিজ্ঞান বিভাগে৷

You might also like