নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী কলেজ গ্ৰন্থমেলা আৰম্ভ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ নলবাৰী কলেজৰ দ্বিতীয় বাৰ্ষিক গ্ৰন্থমেলা আৰম্ভ হৈছে। নলবাৰী কলেজৰ ত্ৰৈলোক্য নাথ গোস্বামী গ্ৰন্থাগাৰ আৰু নলবাৰী কলেজ ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত কলেজ সপ্তাহ উপলক্ষে এই গ্ৰন্থমেলাখনৰ আয়োজ কৰিছে। ইতিমধ্যে কলেজ চৌহদৰ এই গ্ৰন্থমেলাত পাঁ‌চটাকৈ গ্ৰন্থ ষ্টলত বিভিন্ন ধৰণৰ মূল্যবান কিতাপ ৰখা হৈছে। ৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থমেলা অহা ১৪ ফেব্ৰুৱাৰীলৈ চলি থাকিব বুলি উদ্যোক্তাসকলে জানিব দিছে। গ্ৰন্থমেলালৈ সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষাপ্ৰেমীসকলক সহযোগিতা কৰাৰ বাবে নলবাৰী কলেজৰ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰী, ছাত্ৰ একতা সভাৰ সভাপতি প্ৰিয়ংকা শৰ্মা আৰু সাধাৰন সম্পাদক অৰ্ণৱজান তালুকদাৰে আহ্বান জনাইছে।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like