নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ অজিত কুমাৰ বড়োৰ “অনুভূতি” শীৰ্ষক গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: শোণিতপুৰৰ বালিপৰাত আজি খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত কুমাৰ বড়োৰ ” অনুভূতি ” শীৰ্ষক কবিতা পুথিখন শুভ উন্মোচন কৰা হয় । এই উপলক্ষ্যে খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক নকুল কুৰ্মীৰ সঞ্চালনাত অনুষ্ঠিত সভাত কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট কবি বিষ্ণু শাস্ত্ৰীয়ে । শিক্ষক, কবি ছত্ৰমান চুব্বাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া , সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক , যুৱ লেখক প্ৰাঞ্জল প্ৰতিম বৰা, নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় ভূগোল বিভাগৰ বিষয় শিক্ষয়িত্ৰী তুলিকা বৰুৱা, কবি উপাসনা বৰা, দীঘলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টুক বাহাদুৰ লিম্বু, শিক্ষক প্ৰবীণ কোঁৱৰৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে গীত পৰিৱেশন কৰাৰ লগতে ক্ৰমে প্ৰাঞ্জল প্ৰতিম বৰা আৰু উপাসনা বৰাই স্ব-ৰচিত কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে ।

প্ৰাঞ্জল প্ৰতিম বৰা,বালিপৰা

You might also like