নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত নির্বাচনী বিষয়াৰ ছখনকৈ বাহন ভাঙিলে দুষৃকতিকাৰীয়ে

বৰক্ষেত্রী–জালুকবাৰীত নির্বাচনী হিংসা

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ জিলা প্রশাসনে ষ্ট্রং ৰুমৰ যাৱতীয় কাম সম্পূর্ণ কৰাৰ বাবে নলবাৰী চহৰৰ গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যাপক প্রস্তুতি চলাই থকাৰ সময়তে আজি দিন–দুপৰতে ঘটিল এক অঘটন৷ ষ্ট্রং ৰুমৰ সমীপত থকা গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নির্বাচনৰ কামত নিয়োজিত বিষয়া–কর্মচাৰীৰ ৬খন চাৰিচকীয়া বাহন কোনো দুষ্ট প্রকৃতিৰ লোকে ক্ষতি কৰাক লৈ ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ উল্লেখ্য যে অহা ১ এপ্রিল আৰু ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে নির্বাচনী কামত নিয়োজিত বিষয়া–কর্মচাৰীসক তেওঁলোকৰ বাহনসমূহ ৰাখিছিল গর্ডন স্কুল খেলপথাৰত৷ একাংশ লোকে সন্দেহ কৰা মতে, কোনো লোকে আজি বিয়লিৰ ভাগত শিল, ইটাজাতীয় সামগ্রীৰে আক্রমণ কৰি গাডীকেইখনৰ এনে অৱস্থা কৰিছে৷ ইপিনে খেলপথাৰখনত বিয়লিৰ ভাগত বহুসংখ্যক ছাত্র–ছাত্রীয়ে খেলৰ প্রশিক্ষণ ল’বলৈ আহে৷ জনা মতে, ছাত্র–ছাত্রীসকল খেলপথাৰলৈ অহাৰ পূর্বে কোনো দুর্বৃত্তই বাহনসমূহৰ ক্ষতি কৰাত উদ্বিগ্ণ হৈ পৰিছে বিষয়া–কর্মচাৰীসক৷ ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনে এনে দুষ্কার্য সংঘটিত কৰিলে, তাৰ সন্ধান উলিয়াব পৰা নাই৷ ক্ষতি সাধন হোৱা বাহনসমূহৰ ভিতৰত আছে দুখন গ্রেণ্ড আই ১০, এখন ৱেগনাৰ, এখন ইক’ স্প’টছ, এখন এল্ট’ কে ১০কে ধৰি আন এখন বিলাসী গাড়ী৷
বৰক্ষেত্রীৰ বর্ণিবাৰীত নির্বাচনী হিংসাঃ কংগ্রেছৰ ৰেলীত আক্রমণ বিজেপি সমর্থকৰ
বুধবাৰে সন্ধিয়া বৰক্ষেত্রী সমষ্টিৰ কংগ্রেছ মহাজোঁটৰ প্রার্থী দিগন্ত বর্মনৰ ৰেলীত আক্রমণৰ ঘটনাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে৷ ঘটনাৰ সূত্রে জানিব পৰা মতে, কালি বিয়লি প্রায় পাঁচ বজাত সমষ্টিটোৰ ৫৫নং নপ্তিপাৰা–বর্ণিবাৰী গাঁও পঞ্চায়তত কংগ্রেছ প্রার্থী দিগন্ত বর্মনক লৈ সমর্থকসকলে উলিয়ায় এক বৃহৎ ৰেলী৷বাইক, চাৰিচকীয়া বাহনকে ধৰি পদযাত্রা কৰি বর্ণিবাৰী নতুন বজাৰ চ’কৰ পৰা ডিৰোৱা অভিমুখে গৈ থকাৰ কিছু সময় পাছতেই ঘটে অঘটনটো৷ বর্ণিবাৰী–ডিৰোৱাৰ সীমান্তৱর্তী চ’কত আঁৰি থোৱা বিজেপিৰ পদুম ফুলৰ প্লাষ্টিক মালা এডাল কংগ্রেছৰ ৰেলীত গীত বজাই যোৱা বাহনখনত থকা কোনো সমর্থকে এৰাই দিয়াত একাংশ বিজেপি সমর্থকে হাতত লাঠী লৈ আক্রমণ কৰে উক্ত বাহনত যোৱা কংগ্রেছ সমর্থকৰ লগতে আন কেইবাখনো বাহনত৷ মুহূর্তৰ ভিতৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে৷ পাছত কংগ্রেছ প্রার্থীগৰাকীৰ বুজনিত পৰিস্থিতি শাম কাটে৷ ইপিনে, এই ঘটনাৰ পাছতে স্থানীয় বিধায়ক তথা বিজেপি মিত্রজোঁটৰ প্রার্থী নাৰায়ণ ডেকাৰ নেতৃত্বত মুকালমুৱাৰ পৰা এটা দলীয় প্রতিনিধিৰ দল আহি কর্মী–সমর্থকসকল্ সৈমান কৰে বুলি জানিব পৰা গৈছে৷
ৰৌমাৰীত দুর্বৃত্তই লণ্ডভণ্ড কৰিলে কংগ্রেছৰ কার্যালয়ঃ থানাত গোচৰ
জালুকবাৰী সমষ্টিৰ ৰৌমাৰীত কালি নিশা অচিনাক্ত দুর্বৃত্তই কংগ্রেছৰ এটা কার্যালয় লণ্ডভণ্ড কৰা কার্যই অঞ্চলটোত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ প্রাপ্য তথ্য মতে, কালি নিশা প্রায় এক বজাত এখন চাৰিচকীয়া বাহনত অহা চাৰি–পাঁচজনীয়া দুর্বৃত্তই নির্বাচনী কার্যালয়টোৰ বেনাৰ–পোষ্টাৰ আদি ফালি–ছিঙি পেলোৱাৰ পাছত এখন আঁৰি থোৱা ডাঙৰ হল্ডিং ছিঙিবলৈ লওঁতেই প্রতিৱেশী লোক শব্দ শুনি দর্জা খুলি ওলাই অহাত দুর্বৃত্তই গাডীত উঠি পলায়ন কৰে৷ পাছত কার্যালয়টোৰ আশে–পাশে থকা লোকসকল উঠি আহি আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পর্যবেক্ষণ কৰি অনুসন্ধান আৰম্ভ কৰে৷ আৰক্ষীয়ে স্থানীয় লোকসকলক এই সন্দর্ভত বিশেষ হুলস্থূল নকৰিবলৈ আহ্বান জনায়৷ জালুকবাৰী সমষ্টিত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে৷

You might also like