নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ–যোৰহাট– চৰাইদেউত ৫০০ কোটি টকাৰ অনিয়ম

প্রধানমন্ত্রী আৱাস যোজনা–এনৰেগাত বিয়াগোম কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনৰ প্রধানমন্ত্রীৰ আৱাস যোজনা আৰু এনৰেগা আঁচনি ৰূপায়ণৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ বিশেষকৈ ৰাজ্যৰ চাৰিখন জিলা ক্রমে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউত প্রায় ৫০০ কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে আমগুৰি নৱনির্মাণ সমিতিয়ে৷ তেওঁলোকে দাখিল কৰা ১৯/২০২১ নম্বৰৰ আবেদনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে তিনি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷

উল্লেখ্য যে ২০০৬–০৭ বিত্তীয় বর্ষৰ পৰা ২০১৪–১৫ বিত্তীয় বর্ষলৈ প্রধানমন্ত্রী আৱাস যোজনাৰ (সেই সময়ত ইন্দিৰা আৱাস যোজনা) অধীনত গৃহ আবণ্টন আৰু এনৰেগাৰ অধীনত দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকসকলক নিয়োগৰ সুবিধা প্রদান কৰাৰ ক্ষেত্রত এই অনিয়ম সংঘটিত হৈছে৷ এই আঁচনিসমূহৰ ধন হিতাধিকাৰীক আবণ্টন দিয়াৰ সময়ত হোৱা অনিয়মৰ এক উচ্চ পর্যায়ৰ তদন্ত বিচাৰি আমগুৰি নৱনির্মাণ সমিতিয়ে আবেদনখন দাখিল কৰিছে৷ জিলাকেইখনত সংঘটিত এই অনিয়ম সন্দর্ভত মুখ্যমন্ত্রীৰ তদাৰকী কোষ আৰু দুর্নীতি নিবাৰকৰ ওচৰ চাপিছিল যদিও কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ যাৰ বাবে সমিতিখনে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷

You might also like