নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীত আৰম্ভ নামঘৰ সমাৰোহ : “বৰ অসম সমন্বয় বঁটা” পীতাম্বৰ দেৱগোস্বামীক প্ৰদান

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ আজিৰ পৰা উত্তৰ গুৱাহাটী আউনীআটী সত্ৰত  অসমৰ সৰ্ববৃহৎ নামঘৰ সমাৰোহ আৰম্ভ হৈছে। পুৱা সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে পতাকা উত্তোলন কৰি সমাৰোহ মুকলি কৰে। সমাৰোহৰ মুকলি মঞ্চত প্ৰায় দুই হাজাৰৰো অধিক নামঘৰীয়াই নাম পৰিবেশন কৰিব। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীৰ নেতৃত্বত হৈছে এই সমাৰোহ। উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ বালিচৰৰ বিশাল বাকৰিত নিৰ্মাণ কৰা বিশাল মঞ্চত অনুষ্ঠিত হৈ আছে এই সমাৰোহ। ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে মঞ্চ উদ্বোধন কৰাৰ পিছতে আদৰণী ভাষন পাঠ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। তেওঁ আদৰণী ভাষনত কয় যে উত্তৰ গুৱাহাটী হ’ল বিভিন্ন পবিত্ৰ তীৰ্থস্থানেৰে ভৰি থকা এখন প্ৰাচীন ঐতিহাসিক স্থান। এই উত্তৰ গুৱাহাটীতে আছে অশ্বক্লান্ত দেৱালয়, দীৰ্ঘেশ্বৰী দেৱালয় , আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই স্থাপন কৰা ৰুদ্ৰেশ্বৰ দেৱালয়, প্ৰথম শিলালিপি থকা কানাই বৰশী বোৱা শিল আৰু মহা প্ৰভু শ্ৰীকৃষ্ণৰ  পবিত্ৰ মন্দিৰ শ্ৰী শ্ৰীদৌল গোবিন্দ  মন্দিৰ। এনেকুৱা এখন পুৰনি ঐতিহ্যৰে ভৰপুৰ পবিত্ৰ স্থানত নামঘৰ সমাৰোহৰ দৰে অনুস্থানে ঠাইখনৰ পবিত্ৰতা আৰু মৰ্য্যদা বৃদ্ধি কৰিছে। ৰাইজৰ সহযোগত অনুষ্ঠানটো সুকলমে চলি যাব বুলি আশা প্ৰকাশ কৰে তেওঁ। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহা নাগাৰা নামৰ দলবোৰে নাম পৰিবেশন কৰি ভক্তপ্ৰান ৰাইজক আমোদ যোগায়। উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ বাকৰি আজি লোকে লোকাৰণ্য হৈ পৰে। হাজাৰ হাজাৰ মানুহৰ সমাগমে সত্ৰৰ বাকৰি দ্বিতীয় বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত কৰে। এই অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ পৰিষদ লক্ষীমপুৰ জিলা সমিতি আৰু লক্ষীমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক অসম দিৱস উপলক্ষে আজি শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ উদ্যোগত উত্তৰ গুৱাহাটীত অনুষ্ঠিত নামঘৰ সমাৰোহত “বৰ অসম সমন্বয় বঁটা”ৰে শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্রাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীক সন্মানিত কৰা হয়। এই বঁটাত আছে  ফুলাম গামোছা, চেলেং,জাপি, শৰাই,অংগবস্ত্ৰ, হেংদাং, সম্বৰ্ধনা পত্ৰ আৰু নগদ পঁচিশ হাজাৰ টকা। সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীক আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিপুল শৰ্মা বৰুৱা, সহকাৰী সম্পাদক প্ৰশান্ত কুমাৰ মোদক, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক মোবিন আহমেদ বিত্ত সম্পাদক মৃদুল শইকীয়াই। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে কয় অসমীয়া মহা সমন্বয়ৰ জাতি।যি জাতি এডাল ৰঙীণ মালাৰ দৰে। যি মালাত বিভিন্ন ফুলৰ বিভিন্ন ৰঙৰ ফুল থাকে ঠিক সেইদৰে অসমীয়া জাতিও বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সমাহাৰেৰে গঠিত জাতি। তেওঁ লগতে কয় যে ফুলৰ মালাৰে পৰা এপাহ এপাহ কৈ ফুল পৰি পৰিলে ৰঙীন ফুলৰ মালাৰ সৌন্দৰ্য্য নাইকীয়া হৈ পৰে‌ ঠিক সেইদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সমাহাৰেৰে গঠিত অসমীয়া জাতিৰ পৰা আমাৰ জনগোষ্ঠী সমূহে নিজক পৰিচয় দিয়াৰ পৰা আতৰি যাবলৈ গ’লে মহা সমন্বয়ৰ অসমীয়া জাতিৰ কোনো ‌অস্তিত্ব নাথাকিব।  অসমীয়া ‌জাতিৰ একত্ৰিত কৰাৰ বাবে সংকল্প লোৱাৰ কথা দোহাৰি সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে অসমীয়া জাতিৰ বাবে অহা যিকোনো সংকট তেওঁ প্ৰতিৰোধ কৰি আহিছে আৰু ভৱিষ্যতেও ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব। অসমীয়া জাতিক বিশ্ব দৰবাৰত এটি বলিষ্ঠ জাতি হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰি আশীৰ্বাদ হিচাপে তেওঁ এই বঁটা গ্ৰহণ কৰে। সত্ৰাধিকাৰ ড০গোস্বামীয়ে বঁটাৰ লগত প্ৰদান কৰা ধন নামঘৰ সমাৰোহলৈ দান হিচাপে আগবঢ়ায়। অনুষ্ঠানত উত্তৰ লক্ষীমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা সম্পাদক প্ংকজ হাজৰিকা সহকাৰী সম্পাদক প্ৰবীণ হাজং উপদেষ্টা দিব্য লক্ষী নাথ কাৰ্য্যনিৰ্বাহ সদস্য ধন কলিতা উপস্থিত থাকে। সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে আৰু নামঘৰ সমাৰোহ সমিতিয়ে কালি আৰু পৰহিৰ কাৰ্য্যসূচীত ৰাইজে সহযোগ কৰি সুকলমে  অনুষ্ঠান পৰিচালনা কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।

প্ৰেৰক মুনীন ডেকা

You might also like