নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুমতি অবিহনে কিয় জন্ম ! পিতৃ–মাতৃৰ বিৰুদ্ধে গোচৰৰ আহ্বান তৰুণীৰ

🔹 আমেৰিকান টিকটকাৰৰ ভিডিঅ’ক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ১৪ মে’ : অনুমতি নোলোৱাকৈ কিয় জন্ম দিছিলে? জীৱনৰ এটা সময়ত আহি পিতৃ–মাতৃৰ প্রতি এনে প্রশ্ণ উত্থাপন কৰে বহু সন্তানে৷ কিন্তু আমেৰিকাৰ এগৰাকী মহিলাই অভাৱনীয় কাণ্ড ঘটালে৷ নিজৰ জন্মদাতা পিতৃ–মাতৃৰ বিৰুদ্ধে এই বিষয়টোক লৈ অভিযোগ আনিলে মার্কিন মহিলাগৰাকীয়ে৷ পিতৃ–মাতৃয়ে এই মহিলাক জন্ম দি সাংঘাতিক ভুল কৰা বুলি অভিযোগ কৰে৷ ইতিমধ্যে কাছ থিয়াজ নামৰ এক টিকটকাৰৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে এই কাহিনী৷ এই ভিডিঅ’ত কাছে দাবী কৰে– ‘মোৰ জন্মৰ পূর্বে পিতৃ–মাতৃয়ে মোৰ সৈতে এবাৰো আলোচনা কৰা নাই৷ জানিব বিচৰা নাই মই জন্মগ্রহণ কৰিব বিচাৰোঁ নে নাই? সেইবাবে গোচৰ ৰুজুৰ আহ্বান জনাইছোঁ৷ কাৰণ পিতৃ–মাতৃয়ে মোক জন্ম দিছে, ডাঙৰ কৰি তুলিছে৷ কিন্তু মোৰ জন্মৰ ক্ষেত্রত মোৰেই সন্মতি নাছিল৷ জনা নাছিলোঁ যে মই ডাঙৰ হ’ব লাগিব, নিজৰ বাবে এটা চাকৰি বিচাৰিব লাগিব৷’ টিকটকাৰ থিয়াজৰ মতে, আমেৰিকাৰ কিশোৰ–কিশোৰীসকলে এতিয়া পিতৃ–মাতৃৰ ওপৰত এই অভিযোগ তুলি গোচৰ তৰিব লাগিব৷ গোচৰ তৰিলে কষ্ট কৰি এনে কিশোৰ–কিশোৰীয়ে চাকৰি কৰিবলগীয়া নহ’ব৷ লক্ষণীয় বিষয়টো হ’ল– কাছ থিয়াজ নিজেও এগৰাকী মাতৃ৷ কিন্তু তেওঁ সন্তান জন্ম দিয়া নাই৷ আনৰ সন্তান তুলি লৈ লালন-পালন কৰিছে৷ কাছৰ মতে সন্তান জন্ম দিয়াৰ অপৰাধ তেওঁ কৰা নাই৷ অকল সেয়াই নহয়৷ অন্তঃসত্ত্বাসকলক কাছে পৰামর্শ দিছে যে তেওঁলোকে নিজৰ সন্তানক সোধা উচিত পৃথিৱীলৈ আহিব বিচাৰে নে নাই৷

You might also like