নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰালৈ আছুৰ সভাপতি দীপাংকৰ নাথৰ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  অসমৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ ৩৯ সংখ্যক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আয়োজন কৰা এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ভাষা শ্বহীদ গৰাকী লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই দিৱসৰ লগত সংগতি ৰাখি নগাঁও চহৰৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্ত্তিত আছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীৰ লগতে আন ৩৮ গৰাকী বিশিষ্ট ব্যক্তিয়ে মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানৰ পাছতে শ্বহীদ বেদীৰ গা’টে লাগি থকা নগাঁও সাংস্কৃতিক প্ৰকল্পত নগাঁও জিলা ছাত্ৰ সন্থাই ৰাজ্যিক ভিত্তিত এখন আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানৰ প্ৰাৰম্ভতে আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ নাথে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমৰ শ্বহীদ সকলৰ ত্যাগক সদৌ অসম ছাত্ৰ সন্থাই অথলে যাবলৈ নিদিয়ে।জাতিটোৰ বাবে আত্মউচৰ্গা কৰা প্ৰতি গৰাকী শ্বহীদক অসমীয়া জাতিয়ে চিৰদিন- চিৰকাল স্মৰণ কৰি যাব। ইয়াৰ উপৰিও সভাপতি নাথে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যক আদৰণি জনায়। অৱশ্যে আকাশলংঘী মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি সভাপতি দীপাংকৰ নাথে অভিযোগ উত্থাপিত কৰিছে। অনুষ্ঠানত শ্বহীদ অনিল বৰাৰ কনিষ্ঠ ভাতৃকে প্ৰমুখ্যে কৰি কেইবা গৰাকীও গন্য মান্য ব্যক্তি উপস্থিত থাকে।

You might also like