নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত গুৱাহাটীত সম্বৰ্ধনাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ দুই জ্যেষ্ঠ সাংবাদিক

অনুষ্ঠান-প্ৰতিষ্ঠানৰ উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা ১৫ নবেম্বৰ :– ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰতি বছৰে ৰাজ্যিক ভিত্তিত অবিৰত, নিষ্ঠাপূৰ্ণ কৰ্মৰ প্ৰতি সন্মান জনাই আহিছে। বিগত বৰ্ষৰ দৰে এইবাৰো অহা ১৬ নবেম্বৰত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতত গুৱাহাটীৰ লাষ্টগেটস্থিত পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অবিৰত, নিষ্ঠাপূৰ্ণ সংবাদ সেৱা আগবঢ়ায় অহা ৰাজ্যৰ বিশিষ্ট সাংবাদিক সকলৰ লগতে মৰিগাঁৱৰ দুজনকৈ প্ৰবীণ সাংবাদিকক সম্বৰ্ধনা জনোৱাৰ বাবে নিৰ্বাচিত কৰাত মৰিগাঁৱৰ বিভিন্ন মহলে উষ্ম আদৰণি জনাইছে।

অসমৰ সংবাদ জগতত নিষ্ঠাৰে সুদীৰ্ঘ ৩২ বছৰতকৈও অধিক কাল ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়ায় অহা দ্যা আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন আৰু অসমীয়া খবৰ,দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাক কালি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সম্বৰ্ধনা জনাব অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে।

মৰিগাঁৱৰ এই দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিক সম্বৰ্ধনাৰ বাবে নিৰ্বাচিত হোৱাত মৰিগাঁও জিলা সাহিত্য সভা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতি, নাট্য অনুষ্ঠান সমলয়কে ধৰি একাধিক অনুষ্ঠান প্ৰতিষ্ঠানে আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিককে অসম চৰকাৰে দিয়া স্বীকৃতিৰ বাবে মৰিগাঁও চহৰৰ কেবাটাও সামাজিক, সাংস্কৃতিক সংগঠনে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ।মৰিগাঁও গান্ধীভৱন-সাংস্কৃতিক সংঘ, মৰিগাঁও লেখিকা সংস্থা, মৰিগাঁও সদৰ বিহু সন্মিলন, মৰিগাঁও নগৰ বিহু সন্মিলনকে ধৰি বহু কেইটা অনুষ্ঠান- প্ৰতিষ্ঠানে দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকক শুভেচ্ছা জনোৱাৰ লগতে এই সন্মান তেওঁলোকৰ প্ৰাপ্য বুলি মত প্ৰকাশ কৰি অভিনন্দন জনাইছে।

You might also like