নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাবন্ধুৰ তৃতীয় বার্ষিক অধিৱেশন উদযাপন

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ  কালি শিশু দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাৰ পাণবেচা উদয়ন যুৱ সমাজৰ প্রেক্ষাগৃহত শিক্ষাবন্ধু নামৰ সংস্থাটোৱে তৃতীয় বার্ষিক অধিৱেশনখন সফলতাৰে উদযাপন কৰে৷ পুৱা আহ্বায়ক সমিতিৰ উপদেষ্টা ধনেশ্বৰ গোহাঁয়ে পতাকা উত্তোলন, সভাপতি শোণিত কুমাৰ গগৈয়ে বন্তি প্রজ্বলন আৰু যুটীয়া সম্পাদক শ্যামলীমা চেতিয়া, অঞ্জনা চাংমায়ে গছপুলি ৰোপণ কৰি অনুষ্ঠানটিৰ আৰম্ভণি কৰে৷ ইয়াৰ পিছতে শিক্ষাবন্ধুৰ সম্পাদক বিকি চক্রধৰা আৰু সাংগঠনিক সম্পাদিকা পল্লৱী হাজৰিকাই চিত্রাংকন প্রতিযোগিতাখন সুচাৰুৰূপে সম্পাদন কৰে৷

চিত্রাংকন প্রতিযোগিতাৰ পিছত ‘নিয়মীয়া বার্তা’ কাকতৰ উপ–সম্পাদক প্রদীপ গগৈয়ে বক্তৃতা আৰু কুইজ প্রতিযোগিতাখন নিয়াৰিকৈ পৰিচালনা কৰে৷  বক্তৃতা প্রতিযোগিতাত বিচাৰক হিচাপে নিতুল মেচ, জ্যোতিস্মিতা কোঁৱৰ আৰু প্রপ্রীতি গগৈ উপস্থিত থাকে৷ প্রতিযোগিতাসমূহৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিতে ধোপাবৰীয়া শিশুবন্ধুৰ ছাত্র–ছাত্রীৰ দ্বাৰা কোৰাছ পৰিৱেশন কৰা হয়৷ কোৰাছত বাদ্যযন্ত্র সংগত কৰে কাকুমণি চাংমাই আৰু বিটুক পাটৰে৷ এই সভাত মুখ্য অতিথি হিচাপে ডিব্রুগড় ডায়েটৰ প্রবক্তা স্বৰাজ ফুকন, আমন্ত্রিত অতিথি হিচাপে বীৰ লাচিত বৰফুকন কলেজৰ প্রবক্তা ড০ সীমান্ত বৰুৱা, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যাপক তথা কবি প্রবীণ শর্মা আৰু ড০ কিশোৰ দেডৰী, দেওবিল বনুৱা প্রাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক নৃত্যানন্দ ভূঞা ডপস্থিত থাকে৷

সভাৰ প্রথমতে সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ তাৰ পিছতে দেওবিল বনুৱা প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক ৰাজীৱ বুঢ়াগোহাঁইৰ ‘অন্তিম যাত্রা’, শিক্ষাবন্ধুৰ সভাপতি ৰীতামণি গগৈ চাংমাইৰ ‘প্রহেলিকা’ নামৰ কবিতাপুথি দুখন উন্মোচন কৰা হয়৷ কবিতাপুথি উন্মোচনৰ পিছতে মুখ্য অতিথি আৰু আমন্ত্রিত অতিথিৰ লগতে লেখকৰ মনৰ কথাৰে অনুষ্ঠানটি গাম্ভীর্যপূর্ণ কৰি তোলে৷ সভাৰ শেষত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ সন্ধিয়া ৫ বজাত অধিৱেশনৰ শেষৰটো অনুষ্ঠান হিচাপে দূবৰি আৰন্ধৰা শিশুবন্ধুৰ ছাত্র–ছাত্রীয়ে ‘কুশল কোঁৱৰ’ নাট মঞ্চস্থ কৰে৷ নাটখনৰ পৰিচালনা নীৰৱ বাইলুং আহোমৰ, সংগীত ৰীতা বুঢ়াগোহাঁই চাংমাইৰ আৰু পাপু চাহুৱে বাদ্য সংগত কৰে৷ দিনজোৰা এই অনুষ্ঠানত শিক্ষাবন্ধুৰ উপ–সভাপতি দুলুমণি বাইলুং, কোষাধ্যক্ষ সংগীতা চাংমাই, সহঃ সম্পাদক গৌতম মহন, চেঙেলীবাৰী শিশুবন্ধুৰ, ধোপাবৰীয়া শিশুবন্ধু আৰু দূবৰি আৰন্ধৰা শিশুবন্ধুৰ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰাৰ লগতে অঞ্চলবাসীৰ প্রতিজন ব্যক্তিৰ সহায়–সহযোগিতাত অনুষ্ঠানটি সাফল্যমণ্ডিত হয়৷

You might also like