নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব অর্থনীতিত সংকট

ক’ভিডসৃষ্ট জটিলতাৰ পৰা ক্রমশঃ সকাহ পাবলৈ ধৰা সময়তে সমগ্র বিশ্ব আন এক সংকটৰ সন্মুখীন হৈছে৷ এই সংকটৰ মূলতে মূল্যবৃদ্ধি৷ খাদ্যবস্তু–নিত্য ব্যৱহার্য সামগ্রীৰ পৰা জীৱনদায়িনী ঔষধলৈ, পেট্র’ল–ডিজেল–ৰন্ধন গেছৰ পৰা নির্মাণকার্যত ব্যৱহূত সামগ্রী প্রত্যেকৰে বজাৰত আকাশলংঘী দৰ৷ এক কথাত ক’বলৈ গ’লে খাটিখোৱা জনসাধাৰণৰ সম্প্রতি জীৱন ধাৰণ দুৰূহ হৈ পৰিছে৷ ইয়াৰ সমান্তৰালভাৱে বিশ্ব অর্থনীতি মূল্যবৃদ্ধিত পর্যুদষ্ট হৈ পৰিছে৷ যোৱা ১০ নৱেম্বৰত প্রকাশ পাইছে আমেৰিকাৰ কনজিউমাৰ প্রাইচ ইনডেক্স (চিপিআই)৷ দেশখনত মূল্যবৃদ্ধিৰ পৰিসংখ্যা নির্ধাৰণ কৰা এই সূচক উপনীত হৈছে ৬.১ শতাংশত৷ যিটো বিগত ৩১ বছৰৰ ভিতৰত সর্বোচ্চ৷ এই সূচক প্রকাশ পোৱাৰ পাছতে কার্যতঃ বিশ্ব অর্থনীতিত জোকাৰণিৰ সৃষ্টি হৈছে৷ অর্থনীতিবিদসকলে প্রকাশ কৰা অনুসৰি আমেৰিকাৰ এই মূল্যবৃদ্ধি যথেষ্ঠ দীর্ঘম্যাদী হোৱাৰ সম্ভাৱনা আছে, যিয়ে বিশ্ব অর্থনীতিক গভীৰ সংকটলৈ ঠেলি দিব পাৰে৷ যদি এই আশংকা বাস্তৱত পৰিণত হয়, তেন্তে আমেৰিকাৰ মূল্যবৃদ্ধিৰ বিৰূপ প্রভাৱ পৰিব ভাৰতৰ অর্থনীতিতো৷ কিয়নো ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে বিশ্বৰ মহাশক্তিধৰ দেশখনত কর্মসংস্থাপনৰ বাটো মুকলি হৈছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি আমেৰিকাৰ শীর্ষ বেংক ফেডাৰেল ৰিজার্ভৰ তৰফৰ পৰা কোৱা হৈছে যে বজাৰত নগদ ধনৰ যোগান হ্রাস কৰাৰ লক্ষ্যৰে ঋণপত্র ক্রয় অথবা সুদৰ হাৰ বৃদ্ধিৰ প্রক্রিয়া আৰম্ভ হ’লেও তাৰ গতি মন্থৰ হ’ব৷ পিছে মূল্যবৃদ্ধিৰ পৰিসংখ্যা প্রকাশৰ পাছত এই গতি বৃদ্ধি কৰাৰ সম্ভাৱনাও নুই কৰা হোৱা নাই৷ এনে অৱস্থাত আমেৰিকাই সুদ বৃদ্ধিৰ বাবে ভাৰতসহ সমগ্র বিশ্বৰ শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগৰ পৰিমাণ হ্রাস কৰিব পাৰে৷ ইতিমধ্যে ইয়াৰ পূর্বানুমান পৰিলক্ষিত হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰত৷ বৃহস্পতিবাৰৰ দিনটোত ছেনছেক্স ৪৩৭ পইণ্ট অৱনমিত হৈ ৬০ হাজাৰৰ তলত অৱস্থান কৰিছে৷ সেইদৰে নিফ্টিও হ্রাস পাইছে ১৮ হাজাৰৰ তললৈ৷ এনে অৱস্থাত বিশ্ব অর্থনীতিয়ে সম্ভাব্য সংকটৰ পৰা ৰক্ষা পোৱাৰ বিষয়টো সম্পূর্ণৰূপে নির্ভৰ কৰিছে হোৱাইট হাউছৰ ওপৰত৷ বিশেষকৈ বিশ্বৰ সর্বশক্তিমান দেশখনৰ ৰাষ্ট্রপতি জ’ বাইডেনে এইক্ষেত্রত তাৎক্ষণিকভাৱে কেনে ধৰণৰ নীতি নির্ধাৰণকাৰী পদক্ষেপ গ্রহণ কৰে, তাৰ ওপৰত অর্থনীতিবিদসকলৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে৷
অসম তথা দেশৰ বজাৰত প্রতিবিধ সামগ্রীৰ ক্রমবর্ধমান মূল্যবৃদ্ধিয়ে ইতিমধ্যে জনসাধাৰণক ভাৰাক্রান্ত কৰিছে৷ ইয়াৰ বিপৰীতে জনসাধাৰণক সকাহ দিবলৈ চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষই বর্তমান পর্যন্ত বাস্তৱসন্মত কার্যব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বৰঞ্চ দেশৰ খুচুৰা বজাৰত মূল্যবৃদ্ধিৰ হাৰ ঊর্ধ্বগামী হৈ গৈয়ে আছে৷ যোৱা ১২ নৱেম্বৰত প্রকাশিত চৰকাৰী পৰিসংখ্যাত স্পষ্ট হৈছে যে দেশত মূল্যবৃদ্ধিৰ মূলতে খাদ্য–সামগ্রী, মিঠাতেল আৰু ইন্ধন৷ যোৱা ছেপ্ঢেম্বৰ মাহত দেশৰ খুচুৰা বজাৰত সামগ্রিক মূল্যবৃদ্ধিৰ হাৰ আছিল ৪.৩৫ শতাংশ৷ পিছে অক্টোবৰ মাহত এই হাৰ ৪.৪৮ শতাংশলৈ বৃদ্ধি পাইছে৷ বিশেষকৈ খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ছেপ্ঢম্বৰ মাহৰ ০.৬৮ শতাংশৰ পৰা অক্টোবৰ মাহত হৈছেগৈ ০.৮৫ শতাংশ৷ চৰকাৰী এই পৰিসংখ্যাই স্পষ্ট কৰিছে কিদৰে সর্বসাধাৰণে মহামাৰীসৃষ্ট পৰিস্থিতিৰ মাজতো মূল্যবৃদ্ধিৰ ভৰ সহিবলগীয়া হৈছে৷ যদিহে চৰকাৰে এই বিষয়টোক গুৰুত্বসহকাৰে গ্রহণ কৰি প্রয়োজনীয় কার্যব্যৱস্থা হাতত নলয়, তেন্তে অনাগত সময়ত ক’ভিডপীড়িত দেশবাসীয়ে হয়তো এক অভাৱনীয় পৰিৱেশৰ সন্মুখীন হ’ব লাগিব৷ ইয়াৰ লগে লগে দেশৰ অর্থনীতি আৰু অধিক বিপর্যস্ত হৈ পৰাটো নিশ্চিত৷ প্রধানতঃ এই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই চৰকাৰে সময় থাকোঁতেই তৎপৰ হোৱা উচিত৷

You might also like