নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত কেশৱ সেৱা সমিতিৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰ উদঘাটনৰ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ আজিৰ পৰা কেশৱ সেৱা সমিতি, ধুবুৰীৰ উদ্যোগত বিভিন্ন মাঙ্গলিক অনুষ্ঠানেৰে দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ধুবুৰী চহৰত নৱনির্মিত বহুমুখী প্ৰকল্প ভৱনৰ শুভদ্বাৰদ্ঘাটন কাৰ্যক্ৰমৰ। আজি পুৱা জলাভিষেক কাৰ্য্যসূচীৰ অংগ হিচাবে সহস্ৰাধিক মহিলা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ কাৰ্য্যকৰ্তাৰে এক বিশাল সমদলেৰে বৰলুইতৰ পৰা পানী আনয়নেৰে দুদিনীয়া সেই কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে। ইয়াৰ পিছত অনুষ্ঠিত হোৱা বিশ্বমায়া প্ৰকল্পৰ দ্বাৰ উদ্ঘাটনে পিছত ভাগৱত পাঠেৰে আজিৰ প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ সমাপণ ঘটে। কাইলৈ পুৱা যজ্ঞৰ পৱিত্ৰ অগ্নি প্ৰজ্বলন আৰু যজ্ঞনুষ্ঠানৰে দ্বিতীয় দিনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটিব। দিনজোৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত কালি বিয়লি  ভৱন উদ্ঘাটনৰ মূল কাৰ্য্যসূচীৰ আৰম্ভ হ’ব। কাৰ্য্যসূচীত মুখ্য বক্তাৰূপে আৰএছএছৰ অসম ক্ষেত্ৰৰ সহ-ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকিব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like