নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত বাল্য বিবাহ সন্দৰ্ভত সজাগতা সভা : পদক্ষেপ জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত ৰাজ্যজুৰি বিগত দুই দিনত বাল্য বিবাহ সংগঠিত কৰা হাজাৰ হাজাৰ পুৰুষ মহিলাক আইন উলংঘাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।তাৰ বিপৰীতে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। জিলা উপায়ুক্তগৰাকীৰ পৌৰোহিত্যত আজি দিনৰ ২ বজাত জিলাখনৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্থ কছাৰীবড়ী বজাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় বাল্য বিবাহ প্ৰতিৰোধ আৰু পকচ’ আইনৰ সন্দৰ্ভত লবলগীয়া সাৱধানতা সম্পৰ্কে এখনি সজাগতা সভা। প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সজাগতা সভাখনত জিলা উপায়ুক্তগৰাকীৰ লগতে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসেও বাল্য বিবাহ প্ৰতিৰোধ আৰু পকচো আইনৰ সন্দৰ্ভত লবলগীয়া সাবধানতা আৰু ড্ৰাগছৰ অপকাৰীতা সম্পৰ্কে ৰাইজ সকলক ভাষণৰ জৰিয়তে অৱগত কৰে।সম্প্ৰতি ৰাজ্যজুৰি ব্যাপকৰূপত চৰ্চিত হৈ থকা বাল্য বিবাহৰ সন্দৰ্ভত আয়োজিত আজিৰ সজাগতা সভাই বিশেষ তাৎপৰ্য বহন কৰিছে।।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like