নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোটে IQAC-ৰ সহযোগত “New Education Policy :: Opportunities and Challenges” শীৰ্ষক বিষয়ৰ ওপৰত এখনি ৰাষ্টীয পৰ্য‍্যায়ৰ ৱেব সন্মিলন কালি আয়োজন কৰে । দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদক আৰু ৱেবিনাৰ সমন্বয়ক অংকিতা বৰুৱাই আঁত ধৰা সন্মিলনখনিত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী অধ্যাপক ডঃ দুলুমনি গোস্বামীয়ে । এই ৱেব সন্মিলনত বিভিন্ন ৰাজ্যৰ শিক্ষক, গৱেষক তথা ছাত্ৰ ছাত্ৰীসহ প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত শিক্ষক গোটৰ সভাপতি আইচেনা বুঢ়াগোহাঁইয়েও বিষয়টোৰ গুৰুত্বতাৰ সন্দৰ্ভত উল্লেখনীয় মন্তব্য কৰাৰ লগতে সমল ব্যক্তিগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে ৱেব সন্মিলনৰ মঞ্চতে প্ৰশ্নোত্তৰ শিতান পৰিচালনা কৰে শিক্ষক গোটৰ সদস্য নয়নজ্যোতি হাজৰিকাই। শলাগ জ্ঞাপন কৰে IQAC ৰ সমন্বয়ক ডঃ দয়ানন্দ নাথে।

You might also like