নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুষলধাৰ বৰষুণত সম্পূৰ্ণৰূপে জলমগ্ন ৰাষ্ট্ৰীয় ঘাইপথ

মুষলধাৰে বৰষুণে জুৰুলা কৰিছে হাইলাকান্দিৰ পাঁচগ্ৰাম অঞ্চল। যোৱানিশাৰ পৰা হোৱা অবিৰত বৰষুণৰ ফলত পাঁচগ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। বহু ঠাইত একঁকাল সমান পানী জমা হোৱাত বিপদসংকুল পৰিস্থিতিৰ মাজেৰে বাহনসমূহে যাতায়াত অব্যাহত ৰাখিছে।

বন্যাসদৃশ পৰিস্থিতিৰ বাবে অঞ্চলটোৰ কেইবাখনো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। আনহাতে, একাধিক বিদ্যালয় আৰু শিক্ষানুষ্ঠান পানীত ডুব যোৱাত পাঠদান সম্পূৰ্ণৰূপে ব্যাহত হৈছে।

পানী জমা হোৱাৰ ফলত বহু ব্যৱসায়িক প্ৰতিষ্ঠানেও দুৱাৰ বন্ধ ৰাখিবলৈ বাধ্য হৈছে।

ডিজিটেল ডেস্ক, ১৫ মে’

You might also like