নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত মোক্ষম আঘাতঃ জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ কংগ্ৰেছ ত্যাগ

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ কংগ্রেছত পুনৰ স্থায়ী সভাপতি নির্বাচন প্রক্রিয়া চলি থকাৰ মাজতে আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। কেৱল সকলো পদেই নহয়, কংগ্ৰেছৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ পূৰ্বে তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আজাদে দাবী কৰে যে ৰাহুল উপ-সভাপতি হোৱাৰ পিছত দলৰ সংবিধান ভংগ হৈছিল। যিসকল জ্যেষ্ঠ নেতাৰ পৰামৰ্শই ইউ পি এ চৰকাৰ সফল কৰি তুলিছিল, তেওঁলোকক আওকাণ কৰিছে ৰাহুলে।

দৰাচলতে তেওঁৰ পদত্যাগ পত্ৰত তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আজাদৰ মতে, দেশত বৰ্তমান কংগ্ৰেছৰ দুৰ্দশাৰ বাবে ৰাহুলেই দায়ী। ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা ৫ পৃষ্ঠাজোৰা পদত্যাগ পত্ৰত আজাদে দাবী কৰিছে যে ২০১৩ চনত ৰাহুল গান্ধী দলৰ উপ-সভাপতি হোৱাৰ পাছৰে পৰা সকলো জ্যেষ্ঠ লোকক আওকাণ কৰা হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰত দাবী কৰিছে যে ২০১৪ চনত ইউ পি এ চৰকাৰৰ পৰাজয়ৰ অন্যতম কাৰণ হ’ল ৰাহুল গান্ধীৰ অপৰিপক্কতা আৰু শিশুসুলভতা।

ইফালে শেষত তেওঁ স্পষ্টভাৱে কয় যে নেতৃত্বৰ দোষৰ বাবে কংগ্ৰেছ ধ্বংস হৈছে, ইয়াৰ পৰা উভতি অহাৰ বৰ্তমান কোনো উপায় নাই।

You might also like