নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ চুক্তি কার্যকৰী নহয়ঃ মন্ত্রী চন্দন ব্রহ্ম

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তর্গত পাণবাৰী বজাৰত আজি বিপিএফৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়৷ সভাত মন্ত্রী চন্দন ব্রহ্মই অংশগ্রহণ কৰি ভাষণ প্রসংগত কয়– বিটিআৰ চুক্তিৰ ৭.২ৰ জৰিয়তে খাচ মাটিত বসবাস কৰা মানুহক উচ্ছেদৰ কথা লৈ আহিছে৷ কিন্তু বিপিএফে ইয়াক কেতিয়াও হ’বলৈ নিদিয়ে৷ বিটিআৰ চুক্তি কেতিয়াও কার্যকৰী নহয়৷ প্রমোদ বডোৱে হাৰি থাকিলেও ড্রেক্টৰৰ ফটো লয়৷ কাৰণ প্রমোদ বডোৰ ড্রেক্টৰ কোম্পানীৰ লগত চুক্তি হৈছে৷ তেওঁ ড্রেক্টৰৰ বিজ্ঞাপন কৰি আছে৷ এই সভাতে বিপিএফৰ সম্পাদিকা অঞ্জলি দৈমাৰীয়ে অংশগ্রহণ কৰে৷ সভাত বিভিন্ন দলৰ পৰা অহা ১৮০০ নেতা–কর্মীয়ে বিপিএফ দলত যোগদান কৰে৷

You might also like