নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে আনন্দৰাম বৰুৱা বঁটা। শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। ৰাজ্যৰ মুঠ ১৬,৯৪৪ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে এই বঁটা।

     উল্লেখ্য যে ২০২০ বৰ্ষত ৭৫ শতাংশৰ ওপৰত পোৱা ছাত্ৰ-ছাত্ৰীসকল প্ৰদান কৰা এই বঁটাত পোনপ্ৰথম বাৰৰ বাবে লেপটপৰ বিপৰীতে প্ৰদান কৰা হৈছে নগদ ধন। প্ৰতিজন শিক্ষাৰ্থীক নগদ ২০ হাজাৰ টকাৰ ছেক প্ৰদান কৰা হৈছে। ক’ৰোনা ভাইৰাছ সৃষ্ট পৰিবেশৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। ইয়াৰ বাবে মুকলি কৰি দিয়া হৈছে ৩৪কোটি টকা।

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইজন লোক।

You might also like