নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীক উদ্দেশ্যি ফেচবুকত অশালীন মন্তব্য নূৰ ইছলামৰ, গ্ৰেপ্তাৰ ক্ৰাইম ব্ৰান্সৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিৰূপ মন্তব্য কৰি গ্ৰেপ্তাৰ হয় অধিকাৰ সুৰক্ষা মঞ্চৰ নেতা নূৰ ইছলাম। বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তথাকথিত পৰ্টেল সংবাদকৰ্মী নূৰ ইছলামক

ফেচবুকৰ জৰিয়তে মুখ্যমন্ত্ৰীক অশালীন মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক। ক্ৰাইম ব্ৰাঞ্চৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰি নূৰ ইছলামক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে আলোপতি আৰক্ষীয়ে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১০ ছেপ্টেম্বৰ

You might also like