সুকন্যাত পম্পী শৰ্মাৰ খাউণ্ডৰ ৰেচিপি
ষ্ট্রবেৰী পেনাকোটা
উপকৰণ
ষ্ট্রবেৰী –২ কাপ (ডাঙৰ কাপেৰে) কাটি লোৱা
ক্রীম –আধাকাপ
গাখীৰ –১ কাপ
চেনি –১ কাপ
ভেনিলা এছেন্স –১ চামুচ
জেলেটিন–২/৩ চামুচ
ষ্ট্রবেৰী পেনাকোটা প্রস্তুত কৰোঁতে ষ্ট্রবেৰী জেলীও ব্যৱহাৰ কৰিব পাৰি৷ মই কিন্তু নাই কৰা৷ মই ফ্রেছ ষ্ট্রবেৰীৰ চচ ঘৰতে প্রস্তুত কৰি ব্যৱহাৰ কৰিছোঁ৷
প্রণালী
প্রথমে কাটি লোৱা ষ্ট্রবেৰীখিনি এটা চচপেনত দি জোখ অনুপাতে পানী দি লগত চেনি দি দহ মিনিটমান সময় উতলাই নমাই থ’ব৷ তাৰ পিছত ঠাণ্ডা হ’লে ষ্টীলৰ ডাঙৰ চাকনি এখনেৰে চাকি ষ্ট্রবেৰীৰ চচখিনি তৈয়াৰ কৰি ল’ব৷ এতিয়া ষ্ট্রবেৰীৰ চচখিনিৰ লগত এক চামুচ জেলেটিন মিলাই ভালদৰে লৰাই এটা বাটি থ’ব৷ এতিয়া এটা চচপেনত গাখীৰখিনি দি লগত চেনি, ক্রীম, ভেনিলা এছেন্স এই সকলোবোৰ উপাদান ভালদৰে মিলাই লৈ অলপমান সময় গাখীৰখিনি উতলাই নমাই থ’ব৷ এটা বাটিত অকণমান পানী দি জেলেটিনখিনি গুলি ল’ব৷ তাৰ পিছত গুলি লোৱা জেলেটিনখিনি গাখীৰৰ মিশ্রণত ঢ়ালি দি ভালদৰে মিলাই দিব৷ এতিয়া আইনাৰ গ্লাচত মিলাই লোৱা গাখীৰৰ মিশ্রণখিনি ঢ়ালি লৈ গ্লাচটো এখন প্লেটত উঠাই লৈ বেঁকাকৈ ৰাখি ফ্রীজত ৩–৪ ঘণ্টা সময় ৰাখি থ’ব৷ তাৰ পিছত সেই গাখীৰৰ মিশ্রণ থোৱা গ্লাচটোত ফ্রীজৰ পৰা উলিয়াই আনি বনাই লোৱা ষ্ট্রবেৰীৰ চচখিনি ঢ়ালি লৈ পুনৰ ২–৩ ঘণ্টা ফ্রীজত থৈ দিব৷ ২–৩ ঘণ্টাৰ পিছত ষ্ট্রবেৰীৰ পেনাকোটাখিনি উলিয়াই আনি ষ্ট্রবেৰী আৰু পুদিনাৰে সজাই দি পৰিৱেশন কৰক৷
ষ্ট্রবেৰী মিঠাই
উপকৰণ
কাজু –১/২ কাপ
পাউডাৰ গাখীৰ– আধাকাপ
চেনি–১ কাপ
ষ্ট্রবেৰী এছেন্স –২ টোপাল
ৰঙা ফুড কালাৰ –২ টোপাল
ঘি–১ চামুচ
পানী –আধা কাপ
প্রণালী
প্রথমে কাজুখিনি মিক্সিত পেষ্ট কৰি পাউডাৰ বনাই ল’ব৷ এতিয়া এখন ননষ্টিক পেনত চেনি দিব লগত পানী দি ভালকৈ উতলিবলৈ দিব৷ যেতিয়া চেনিখিনি ভালদৰে উতলি ডাঠ হ’বলৈ ধৰিছে তেতিয়া দুয়োবিধ ফুড কালাৰ মিলাই লৈ লৰাই দিব৷ কাজু পাউডাৰ আৰু পাউডাৰ গাখীৰখিনি দিব৷ অলপ সময় লৰাই থাকিব৷ যেতিয়া মিশ্রণখিনি ডাঠ হৈ আহিব যেতিয়া নমাই দিব৷ অলপমান ঠাণ্ডা হ’লে হাতত অকণমান ঘি সানি লৈ হাতেৰে ষ্ট্রবেৰী চেপ দি এটা এটাকৈ মিঠাইখিনি প্রস্তুত কৰি ল’ব৷ আৰু সেই একে পদ্ধতিৰে অকণমান কাজুৰ পাউডাৰ লৈ এইদৰে পুনৰ বনাই লৈ লগত সেউজীয়া ফুড কালাৰ মিলাই লৈ ষ্ট্রবেৰীৰ পাতৰ সেউজীয়া অংশ বনাই লৈ ষ্ট্রবেৰী মিঠাইটোৰ ওপৰত লগাই দিব৷ আৰু ষ্ট্রবেৰীৰ মিঠাইটোৰ গাত কাটা চামুচেৰে খুঁচি খুঁচি দিব তেতিয়া দেখাত ষ্ট্রবেৰীৰ দৰে হ’ব৷ খাবলৈও সোৱাদ ভৰা হয়৷
ভাপ্পা সন্দেশ
উপকৰণ
গাখীৰ –১/২ লিটাৰ
চেনি – ১ কাপ (জোখ অনুপাতে)
ইলাচি গুড়ি–১ চামুচ
ঘি– ১ চামুচ
নেমু – ১ টুকুৰা
প্রণালী
প্রথমে গাখীৰখিনি এটা চচপেনত উতলাই লৈ নেমু চেপি গাখীৰখিনি ফালি ল’ব৷ এতিয়া এখন বগা পাতল কাপোৰত ফটা গাখীৰখিনি ঢ়ালি দি এঘণ্টামান সময় ওলোমাই ৰাখি গাখীৰৰ চানাখিনিৰ পৰা পানীখিনি যাবলৈ দিব৷ এতিয়া এটা বাউলত চানাখিনি উলিয়াই লৈ লগত চেনি, ইলাচি আৰু ঘি মিলাই লৈ ভালদৰে আটা মঠা দি প্রায় ৬/৭ মিনিটমান সময় হাতেৰে মঠি ল’ব৷ তাৰ পাছত এটা ষ্টীলৰ টিফিন বাটিত ঘি সানি ল’ব৷ এতিয়া টিফিন বাটিটোত চানাৰ মিশ্রণখিনি ঢ়ালি দি হাতেৰে ভালদৰে মিলাই দিব৷ এতিয়া টিফিনৰ বাটিটোৰ ঢ়াকোনখন টানকৈ লগাই লৈ ওপৰত ফইল পেপাৰেৰে টিফিনৰ বাটিটো সম্পূর্ণকৈ মেৰাই ল’ব৷ এতিয়া এটা কুকাৰত ১/২ কাপমান পানী দি এডাল ষ্টেণ্ড পাতি লৈ ওপৰত টিফিনৰ বাটিটো পাতি দিব৷ এতিয়া কুকাৰৰ ঢ়াকনখন লগাই দিব ৷ কুকাৰৰ হুইচেলটো এৰুৱাই দি কুকাৰটো গেছত চিমত দি ১০/১২ মিনিটমান সময় গেছত ৰাখি নমাই দিব৷ পিছত কুকাৰৰ পৰা টিফিনৰ বাটিটো উলিয়াই আনি এঘণ্টামান সময় ফ্রীজত ৰাখিব৷ এতিয়া ভাপ্পা সন্দেশখিনি নিজৰ পচন্দ অনুসৰি টুকুৰা কৰি পৰিৱেশন কৰক৷